নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচি নির্বাচনৰ পূর্বে বাক্সাত উদ্ধাৰ মাৰণাস্ত্ৰ

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: সমাগত বিটিচি নির্বাচনক লৈ সকলো ৰাজনৈতিক দল তৎপৰ হৈ থকাৰ সময়তেই যোৱানিশা বাক্সা জিলা আৰক্ষীৰ তৎপৰতাত মাৰণাস্ত্র উদ্ধাৰ হয়৷ বাক্সা জিলাৰ বৰবৰী আৰক্ষী থানাৰ অন্তর্গত বাগানপাৰা পৰিষদীয় সমষ্টিৰ মৈঠাবাৰীত আওহতীয়া ঠাইত উদ্ধাৰ হয় এটা এ কে ৪৭সহ ৪১ জাঁই সক্রিয় গুলী আৰু এটা মেগজিন৷

বাক্সা জিলাৰ উপ–আৰক্ষী অধীক্ষক প্রণৱজ্যোতি কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে গোপন সূত্রৰ পম খেদি এই অভিযান চলাইছিল৷ মাৰণাস্ত্রটো কোন সংগঠনৰ সেইটো তদন্ত কৰি থকা বুলি আৰক্ষীৰ সূত্রই প্রকাশ কৰিছে৷

বিটিচি নির্বাচনৰ আগমুহূর্তত আৰক্ষীৰ এয়া বিশেষ সফলতা বুলি উপ–আৰক্ষী অধীক্ষক প্রণৱজ্যোতি কলিতাই জানিবলৈ দিয়ে৷ উল্লেখ্য যে ইয়াৰ পূর্বেও জিলাখনৰ চিনাৰীত পুতি থোৱা অৱস্থাত মাৰণাস্ত্র আৰক্ষীয়ে উদ্ধাৰ কৰিছিল৷

You might also like