নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘সন্ত্ৰাসবাদ নিৰ্মূল বিৰুদ্ধে ভাৰতৰ সৈতে’ : মুম্বাই আক্ৰমণৰ বাৰ্ষিকীত আমেৰিকাৰ বিদেশ মন্ত্ৰী

বিশেষ বাৰ্তা, ২৬ নৱেম্বৰঃ আজি ভাৰতীয় জনজীৱনৰ ইতিহাসৰ এক ভয়ানক দিন। এই দিনটোতে মুম্বাইত সংঘটিত হৈছিল ভয়ংকৰ আক্ৰমণৰ ঘটনা। এই ঘটনাই আজি ১৪ বছৰ অতিক্ৰম কৰিলে। এই দিনটো ভাৰতৰ জনসাধাৰণে কোনোকালেই পাহৰিব নোৱাৰিব। এই দিনটোতে মুম্বাইত সেই ক্ষয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল, যি কথা মনত পেলালে আজিও প্ৰতি ভাৰতীয় বুকু কঁপি উঠে। স্বাধীন ভাৰতৰ ইতিহাসত এয়া আছিল আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ। আমেৰিকাৰ বৈদেশিক মন্ত্ৰী এণ্টনি ব্লিংকেনেও এই দিনটো মনত পেলাইছে। ২৬/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ কথা স্মৰণ কৰি আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে কয় যে মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ ১৪ বছৰীয়া বৰ্ষপূৰ্তিত আমি ভাৰতৰ জনসাধাৰণ আৰু মুম্বাই চহৰৰ সৈতে সংহতিৰে থিয় দিছোঁ। ৬জন আমেৰিকান নাগৰিককে ধৰি এই নৃশংস ঘটনাত নিহতসকলৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীসকলৰ প্ৰতি আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ কথা সোঁৱৰাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে সন্ত্ৰাসবাদ মানৱতাৰ প্ৰতি ভাবুকি। আজি বিশ্বই ভাৰতৰ সৈতে থিয় দিছে নিজৰ ভুক্তভোগীক স্মৰণ কৰাত। যিসকলে এই আক্ৰমণৰ পৰিকল্পনা আৰু নিৰীক্ষণ কৰিছিল তেওঁলোকক ন্যায়ৰ কাষ চাপিব লাগিব। সমগ্ৰ বিশ্বৰ প্ৰতিজন সন্ত্ৰাসবাদৰ ভুক্তভোগীৰ ওচৰত আমি ঋণী।

You might also like