নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিহাৰ কাৰাগাৰৰ ৫০জন কর্মচাৰী নিলম্বিত

বিশেষ বাৰ্তা, ২ ডিচেম্বৰ : নতুন দিল্লীৰ তিহাৰ কাৰাগাৰত প্রৱঞ্চনাৰে নিযুক্ত ৫০জন কর্মচাৰীক নিলম্বন কৰা হৈছে৷ নিযুক্তি পৰীক্ষণৰ বায়’মেট্রিকৰ তথ্যৰ লগত কাৰাগাৰৰ বায়’মেট্রিকত খেলিমেলি লগাৰ সন্দেহৰ পিছতে তদন্তৰ অন্তত ৫০জন কর্মচাৰীয়ে প্রৱঞ্চনাৰে নিযুক্তি লাভ কৰাটো নিশ্চিত হোৱাৰ লগে লগে কাৰাগাৰ কর্তৃপক্ষই উক্ত কর্মচাৰীকেইজনক চাকৰিৰ পৰা নিলম্বন কৰিছে৷ নিলম্বিত কর্মচাৰীৰ ভিতৰত ৩৯জন ৱার্ডাৰ, ৯জন মেট্রন আৰু ৯জন সহকাৰী অধীক্ষক আছে৷ তিহাৰ কাৰাগাৰ কর্তৃপক্ষই প্রকাশ কৰা মতে, ২০২০ চনত দিল্লীৰ এছএছএছবি-এ বিভিন্ন প্রক্রিয়াৰে কর্মচাৰী নিযুক্তি দিছিল৷ কিন্তু চাকৰি কৰি থকা ৫০জন কর্মচাৰীৰ বায়’মেট্রিকত খেলিমেলি পৰিলক্ষিত হোৱাত এই সিদ্ধান্ত লোৱা হৈছে৷

You might also like