৫ মাহত শ্ৰীলংকাত আৰক্ষীৰ জালত ৬২৮ বিদেশী
জুৰুলা অর্থনীতিৰ মাজতে শ্রীলংকাত চাইবাৰ অপৰাধে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ কর্মসংস্থাপনৰ বাবে গৈ বহু লোকে শ্রীলংকাত অপৰাধমূলক কামত জড়িত হৈ পৰিছে৷ চলিত বর্ষৰ আৰম্ভণিৰ পৰা ১১ মে’লৈকে দেশখনত চাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগত ৬২৮জন বিদেশীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷
সোমবাৰে দ্বীপৰাষ্ট্রখনত আৰক্ষীয়ে দেশজোৰা তালাচী চলাই দুই শতাধিক চাইবাৰ অপৰাধীক গ্রেপ্তাৰ কৰে৷ ইয়াৰ ভিতৰত ১৭৩জনেই ভাৰতীয় নাগৰিক৷ আৰক্ষীয়ে জনোৱা মতে, ২৫ৰ পৰা ৩৫ বছৰৰ ভিতৰৰ যুৱকসকলে অতিৰিক্ত সময়ৰ কর্মসংস্থাপন বিচাৰি পর্যটক ভিছাৰ অপব্যৱহাৰ, শুল্কমুক্ত আমদানিকৃত চিগাৰেট সেৱন আৰু চাইবাৰ অপৰাধ আইনৰ অধীনত সামৰি লোৱা অপৰাধমূলক কার্যকলাপত জড়িত হৈছে৷
যোৱা সপ্তাহত একেটা অপৰাধৰ বাবে ২৫০জন চীনৰ নাগৰিকক গ্রেপ্তাৰ কৰিছিল শ্রীলংকা আৰক্ষীয়ে৷ ভাৰত–চীনৰ উপৰি ভিয়েটনাম, ম্যানমাৰ, ফিলিপাইনছ আৰু কম্বোডিয়াৰ নাগৰিকো আছে অপৰাধমূলক কার্যকলাপত জড়িত কাম–কাজৰ বাবে গ্রেপ্তাৰৰ তালিকাত৷
আৰক্ষী বিষয়াসকলে সদৰী কৰা মতে, এনে অপৰাধী গোটসমূহে আন্তঃৰাষ্ট্রীয় ছিণ্ডিকেটৰ সহায় লৈ ডিজিটেল প্লেটফর্ম আৰু যোগাযোগ ব্যৱস্থা ব্যৱহাৰ কৰি বিদেশত ভুক্তভোগীক লক্ষ্য কৰি লয়৷ আইন বলৱৎকাৰী সংস্থাসমূহে জনোৱা মতে শ্রীলংকাৰ সংযোগ আৰু ভিছাৰ সুবিধাই সম্ভৱতঃ এনে অপৰাধমূলক কার্যকলাপত অৰিহণা যোগাইছে৷
একাংশ লোকে হ্রস্বম্যাদী ভিছাৰ অনুমতি লৈ শ্রীলংকাত প্রৱেশ কৰি অপৰাধমূলক কার্যকলাপ সংঘটিত কৰি আহিছে৷ এনে কার্যকলাপে দেশখনৰ অর্থনীতিতো ব্যাপক প্রভাৱ পেলোৱা পৰিলক্ষিত হৈছে৷ দ্বীপ ৰাষ্ট্রৰ চৰকাৰে চাইবাৰ অপৰাধ প্রতিৰোধৰ বাবে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷
ডিজিটেল ডেস্ক, ১৩ মে’