নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুক্ত বাণিজ্য চুক্তিৰে ভাৰত-গ্রেট ব্রিটেইন ৰ সম্পৰ্কত নতুন অধ্যায়, ঐতিহাসিক চুক্তি সম্পন্ন

এই চুক্তিখনৰ ফলশ্রুতিত দ্বিপাক্ষিক বাণিজ্য উন্নীত হৈ বার্ষিক আনুমানিক ৩৪ বিলিয়ন ডলাৰ হোৱাৰ বিপৰীতে ২০৩০ চনলৈ দুয়োখন দেশৰ মাজত বাণিজ্য ১২০ বিলিয়ন মার্কিন ডলাৰলৈ উন্নীত হ’ব৷

ভাৰত আৰু গ্রেট ব্রিটেইন-ৰ মাজত আজি যুগান্তকাৰী মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হয়৷ বিগত তিনি বছৰ ধৰি চলি থকা আলোচনাৰ অন্তত আজি ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ব্রিটেইনৰ প্রধানমন্ত্রী কিয়েৰ ষ্টাৰমাৰৰ উপস্থিতিত মুক্ত বাণিজ্য চুক্তিখন স্বাক্ষৰিত হয়৷

দুয়ো দেশৰ মাজত স্বাক্ষৰিত ঐতিহাসিক মুক্ত বাণিজ্য চুক্তিখনৰ জৰিয়তে ভাৰতীয় কৃষক আৰু মাছমৰীয়াসকল লাভৱান্বিত হোৱাই নহয়, দেশৰ সকলো খণ্ডৰে ভাৰতীয় সামগ্রীৰ কাৰণে এখন সংহত বজাৰ মুকলি হ’ব৷ এই চুক্তিখনৰ ফলশ্রুতিত দ্বিপাক্ষিক বাণিজ্য উন্নীত হৈ বার্ষিক আনুমানিক ৩৪ বিলিয়ন ডলাৰ হোৱাৰ বিপৰীতে ২০৩০ চনলৈ দুয়োখন দেশৰ মাজত বাণিজ্য ১২০ বিলিয়ন মার্কিন ডলাৰলৈ উন্নীত হ’ব৷

দুদিনীয়া ভ্রমণসূচীৰে ব্রিটেইনত থকা প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ব্রিটেইনৰ প্রধানমন্ত্রী কিয়েৰ ষ্টাৰমাৰৰ দ্বিপাক্ষিক বৈঠকৰ সময়ত বিভিন্ন বিষয়ৰ আলোচনাৰ লগতে এই চুক্তিখনক লৈ চূড়ান্ত সিদ্ধান্তত উপনীত হয় আৰু এই চুক্তিখন স্বাক্ষৰিত হয়৷ মুক্ত বাণিজ্য চুক্তি, চমুকৈ এফটিএ বুলি চর্চিত এই চুক্তিৰ বাবে ৯৯ শতাংশ ভাৰতীয় সামগ্রী শুল্কবিহীনভাৱে ৰপ্তানিৰ সুবিধা পাব৷ শুল্ক হ্রাস আৰু ব্রিটিছ সামগ্রীৰ ৰপ্তানিও সহজ হৈ উঠিব৷

বিশেষকৈ ভাৰতীয় বজাৰত ব্রিটিছ সামগ্রী হুইস্কি, কাৰ আৰু আন সামগ্রী কোনোধৰণৰ অসুবিধা নোহোৱাকৈ উপলব্ধ হ’ব৷ এই চুক্তিখন স্বাক্ষৰিত হোৱাৰ পাছত ব্রিটেইনৰ প্রধানমন্ত্রীৰ সৈতে যুটীয়া প্রেছ বিবৃতিত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কয় যে ভাৰত আৰু গ্রেট ব্রিটেইনৰ বাবে আজিৰ দিনটো ঐতিহাসিক ক্ষণ৷ বিগত কেইবা বছৰ ধৰি কঠোৰ পৰিশ্রমৰ অন্তত এই চুক্তিখন বাস্তৱায়িত হয়৷ এই চুক্তিখন কেৱল অর্থনৈতিকেই নহয়, সমৃদ্ধি বিনিময়ৰ কাৰণে এক পৰিকল্পনা৷

এই চুক্তিখনৰ জৰিয়তে গ্রেট ব্রিটেইনৰ বজাৰত ভাৰতীয় বস্ত্র, জোতা, আ–লংকাৰ, সাগৰীয় খাদ্য, অভিযান্ত্রিক সামগ্রী আদিয়ে অধিক সুযোগ পাব৷ ভাৰতীয় কৃষিজাত সামগ্রী আৰু সংসাধন খাদ্য উদ্যোগৰ কাৰণে গ্রেট ব্রিটেইনৰ বজাৰত অত্যন্ত সুবিধা লাভ কৰিব৷ এই চুক্তিয়ে ভাৰতীয় যুৱ, কৃষক, মাছমৰীয়া আৰু এমএছএমই খণ্ডক লাভৱান্বিত কৰিব৷

ইয়াৰ সমান্তৰালকৈ গ্রেট ব্রিটেইনত নির্মিত সামগ্রী বিশেষকৈ চিকিৎসা সঁজুলিসমূহ ভাৰতত সহজে উপলব্ধ হ’ব৷ আনপিনে, ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰমাৰে কয় যে ইউৰোপীয় ইউনিয়ন এৰাৰ পাছত গ্রেট ব্রিটেইনৰ বাবে ভাৰতৰ সৈতে হোৱা মুক্ত বাণিজ্য চুক্তি বৃহত্তম আৰু অর্থনৈতিকভাৱে অতিকৈ গুৰুত্বপূর্ণ৷ লক্ষণীয় যে ভাৰতৰ বাবে এফটিএ কিয় লাভৱান্বিত হ’ব?

নতুন মুক্ত বাণিজ্য চুক্তিৰ বাবে লাভৱান্বিত হ’ব ভাৰতীয় কৃষক৷ এই চুক্তি অনুসৰি কৃষিজাত আৰু সংসাধন খাদ্য সামগ্রী ভাৰতৰ পৰা কৰবিহীনভাৱে গ্রেট ব্রিটেইনৰ বজাৰলৈ ৰপ্তানি হ’ব৷ ঠিক তেনেদৰে ভাৰতীয় উৎপাদিত সামগ্রীসমূহে গ্রেট ব্রিটেইনৰ বজাৰ দখল কৰিব পাৰিব৷ হালধি, জালুক, আদাকে ধৰি বিভিন্ন সংসাধনীয় সামগ্রী যেনে– আমৰ আচাৰ, দাইল আদি কোনো কৰ নোহোৱাকৈ গ্রেট ব্রিটেইনলৈ ৰপ্তানি কৰিব পাৰিব৷ এই চুক্তিয়ে কৃষকৰ উপার্জন উজ্জীৱিত কৰিব আৰু লাভৰ মাত্রাও বৃদ্ধি কৰিব৷

একেদৰে ভাৰতৰ মৎস্য খণ্ডও এই চুক্তিৰ বাবে লাভৱান্বিত হ’ব৷ উপকূলীয় ৰাজ্য অন্ধ্রপ্রদেশ, ওড়িশা, কেৰালা আৰু তামিলনাডুৰ মৎস্য খণ্ডই চুক্তিৰ জৰিয়তে লাভৱান্বিত হ’ব৷ সাগৰীয় খাদ্য গ্রেট ব্রিটেইনলৈ কৰবিহীনভাৱে ৰপ্তানি হ’ব৷ ভাৰতীয় পৰম্পৰাগত কিছু খাদ্য ব্রিটেইনৰ বজাৰত সহজে উপলব্ধ হোৱাত এই চুক্তিয়ে কার্যকৰী কৰিব৷ গোৱাৰ ফেনি, কেৰালাৰ টোডি আৰু নাচিকৰ থলুৱা সুৰা গ্রেট ব্রিটেইনৰ বজাৰত কৰবিহীনভাৱে ৰপ্তানি কৰিব পৰা যাব৷ গ্রেট ব্রিটেইনৰ বিপণীত উপলব্ধ হ’ব দেশীয় খাদ্য৷ আনপিনে, জিআই টেগ থকা জনগোষ্ঠীয় পৰম্পৰাগত সুৰাও গ্রেট ব্রিটেইনলৈ ৰপ্তানি কৰাৰ সুবিধা পাব৷ লক্ষণীয় যে এলকহলিক পানীয় ৰপ্তানিত ভাৰত সম্প্রতি বিশ্বৰ ৪০সংখ্যক স্থানত আছে৷ এই চুক্তিখনে পৰৱর্তী বর্ষত ভাৰতক শীর্ষ ১০ স্থানলৈ উন্নীত কৰাৰ পূর্ণ সম্ভাৱনা আছে৷

Niyomiya Barta Desk, 25 July, 2025

You might also like