নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্রদেশত বন্ধুৰ মৃত্যুত চিতাত আত্মজাহ যুৱকৰ

বিশেষ বাৰ্তা, ২৯ মেঃ কর্কট ৰোগত আক্রান্ত হৈ মৃত্যু হৈছিল এজন যুৱকৰ ৷ যুৱকজনৰ পৰিয়াল, আত্মীয়–স্বজনৰ সৈতে শেষকৃত্যত উপস্থিত হৈছিল যুৱকজনৰ এজন অন্তৰংগ বন্ধু ৷ দাহ কার্য চলি থকা সময়তে যুৱকজনৰ বিয়োগত মর্মাহত অন্তৰংগ বন্ধুজন চিতাত জঁপিয়াই পৰে ৷ শৰীৰৰ বেছিভাগ অংশ বন্ধুজনৰ জ্বলি যায় ৷ উপস্থিত লোকসকলে তেওঁক উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ দেশজুৰি চাঞ্চল্য সৃষ্টি কৰা এই ঘটনা সংঘটিত হৈছে উত্তৰ প্রদেশৰ আগ্রাত ৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, অশোক নামৰ যুৱক এজন দীর্ঘদিন ধৰি কর্কট ৰোগত আক্রান্ত হৈ আছিল ৷  অশোকৰ মৃত্যু হোৱাত পুৱা ১১ বজাত যমুনাৰ ঘাটৰ শ্মশানলৈ শেষকৃত্যৰ বাবে মৃতদেহ লৈ যোৱা হয় ৷ প্রতিবেশী, আত্মীয়–স্বজনৰ সৈতে বন্ধুৰ শেষকৃত্যত উপস্থিত আছিল আনন্দ নামৰ যুৱক এজনো ৷ দাহন কার্য প্রায় শেষ হোৱাৰ সময়তে চিতাত জঁপিয়াই পৰে আনন্দ ৷ এই ঘটনাৰ পাছতে সমগ্র অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷

You might also like