নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গংগাতকৈও দীঘল প্রাচীন নদীপথৰ সন্ধান ৰঙা গ্ৰহ মঙলত

🔹 ইংলেণ্ডৰ মহাকাশ গৱেষণা সংস্থাৰ সাহায্যত অ’পেন বিশ্ববিদ্যালয়ৰ গৱেষণাৰ তথ্য

নিউজ ডেস্ক, ১৭ জুলাই : বহিঃবিশ্বত জীৱৰ সন্ধান বিচাৰি গৱেষণা অব্যাহত আছে৷ পৃথিৱীৰ বাহিৰে ৰঙাগ্রহ মঙলত জীৱৰ অস্তিত্ব থাকিব পাৰে বুলি গৱেষকসকলে বিভিন্ন সময়ত ধাৰণা কৰাই নহয়, এইক্ষেত্রত জীৱৰ বাসোপযোগী হ’বলৈ থাকিবলগীয়া উপাদানৰ অস্তিত্বৰ ন্যূনতম লক্ষণ দেখা পাই আহিছে৷ ইংলেণ্ডৰ মহাকাশ গৱেষণা সংস্থাৰ সাহায্যত অ’পেন বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ দল এটাই ৰঙাগ্রহ মঙলত গৱেষণা চলাই প্রাচীন নদীপথৰ অস্তিত্ব লাভ কৰিছে৷ ভাৰতৰ গংগা নদীতকৈও দীঘল ৰঙাগ্রহত থকা নদীপথৰ অস্তিত্ব৷

গৱেষক দলৰ প্রধান বিজ্ঞানী আডম লুছকুটে প্রকাশ কৰা মতে, বিজ্ঞানীৰ দলটোৱে হাই ৰিজ’লেচন কেমেৰা ব্যৱহাৰ কৰি বিভিন্ন তথ্য সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ কনট্রেক্স কেমেৰা, মাৰ্চ অর্বিটাৰ লেজাৰ আল্টিমিটাৰ আৰু হাই ৰিজ’লেচন ইমেজিং ছায়েঞ্চ এক্সপেৰিমেণ্টৰ জৰিয়তে লাভ কৰা তথ্যত মঙলৰ ‘নোয়াছিছ টেৰা’ অঞ্চলত নদীপথৰ সন্ধান লাভ কৰিছে৷ এসময়ত ৰঙাগ্রহতে বিস্তৃত নদীপথ আছিল৷ এই নদীপথসমূহৰ সংযোগ আছিল৷ প্রায় ১০০ কোটি বছৰ পূর্বে নদীবোৰ পানীৰে ভৰি আছিল৷ এই পানীবোৰ কেনেধৰণৰ আছিল তাক লৈ বিজ্ঞানী মহল উৎসুক হৈ পৰিছে৷

গৱেষণাৰ ফলাফল অনুসৰি বিশাল অঞ্চলত কেইবাহাজাৰ কিলোমিটাৰ দৈর্ঘ্যৰ নদীপথ আছিল৷ মাটিৰ পৰা তাৰ উচ্চতা আছিল প্রায় ১০ মিটাৰ৷ নদীপথৰ মাজত পাৰস্পৰিক সংযোগ আৰু নদীবোৰৰ প্রৱাহৰ দিশটোৱেই চিহ্ণিত কৰা নাই, তাৰ ভূতাত্ত্বিক গুৰুত্বও আছে৷ ৩৭০ কোটি বছৰ পূর্বে মঙলত এটাই আছিল পানীৰ উৎস৷ বিজ্ঞানী লুছকুটৰ মতে, মঙল গ্রহৰ নোয়াছিছ টেৰা অঞ্চলত সবাতোকৈ কম গৱেষণা কৰা হৈছে৷ আমি এই অঞ্চলত গৱেষণা কৰি আশ্চর্যান্বিত হৈছোঁ৷ যিটো লাভ কৰিছোঁ সেইটো এটা টাইম কেপছুল৷ পৃথিৱীত বাস কৰি থাকিয়েই তাতকৈ অধিক পোৱাটো সম্ভৱ নহয়৷

উল্লেখ্য যে মঙল গ্রহৰ মাটি যিমান আর্দ্র আছিল বুলি ধাৰণা কৰা হৈছিল, তাতকৈ অধিক আর্দ্র গ্রহটোৰ মাটি৷ পৃথিৱীতকৈও আর্দ্র ৰঙা গ্রহটোৰ মাটি৷ ৰঙাগ্রহত গংগাতকৈ দীঘল প্রাচীন নদীপথৰ অস্তিত্বৰ সন্ধানে বিশ্বৰ গৱেষকসকলক বহিঃবিশ্বত বিশেষকৈ মঙলত জীৱৰ বাসোপযোগী উপাদানৰ সন্ধান লাভ কৰাত সহায় কৰিব৷

You might also like