নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত বিলাসী বাহনেৰে ছাগলী চুৰি কৰি আৰক্ষীৰ জালত তিনি গভাইত চোৰ

ডিজিটেল ডেস্ক, ২৫ নৱেম্বৰ : পুনৰ বিলাসী বাহনেৰে ছাগলী চুৰি। বিলাসী বাহনেৰে ছাগলী চুৰি কৰি কামৰূপৰ নগৰবেৰাত আৰক্ষীৰ জালত পৰিল তিনি গভাইত চোৰ। ধৃত চোৰকেইটা ক্ৰমে বৰপেটাৰ খোলাবান্ধা গাঁৱৰ ফজৰ আলী, মাজৰচৰৰ নজমূল হক আৰু হোজাইৰ শ্বাহানুৰ আলম।জব্দ কৰা হৈছে চুৰিকাৰ্যত ব্যৱহাৰ কৰা AS01-JC-5942 নম্বৰৰ ছুইফট ডিজাইৰ বাহনখন। এই বিলাসী বাহনখনেৰে বৰপেটাৰ খোলাবান্ধা চৰৰ পৰা এটা ছাগলী চুৰি কৰি হোজাইলৈ নিয়াৰ সময়তে পুৱতি নিশা নগৰবেৰা আৰক্ষীয়ে আটাইকেইটা চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰে বিলাসী বাহনখন।

You might also like