নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগপুৰৰ ঘূর্ণি পিটছক লৈ উদ্বিগ্ন ভাৰত : কাইলৈৰ পৰা অষ্ট্রেলিয়াৰে প্রথম টেষ্ট

বিশেষ বাৰ্তা, ৮ ফেব্রুৱাৰীঃ প্রথম টেষ্টত অষ্ট্রেলিয়াক ঘূর্ণি উইকেটেৰে স্বাগতম জনাব ভাৰতে৷ নাগপুৰত তৈয়াৰ কৰা উইকেট সম্পূর্ণৰূপে স্পীন সহায়ক৷ প্রথম দিনাৰ পৰাই বল ঘূৰাৰ সম্ভাৱনা আছে৷ এনে উইকেট দেখি কিছুপৰিমাণে উদ্বিগ্ন ভাৰতীয় শিবিৰ৷ সাংবাদিকৰ মুখামুখিত এইদেৰ কয় ভাৰতীয় দলৰ সহঃ অধিনায়ক কে এল ৰাহুলে৷ তেওঁ মানি লৈছে যে নাগপুৰৰ পিটছত তিনিগৰাকী স্পীনাৰক খেলোৱাৰ সম্ভাৱনা আছে৷ সেইবাবে মেচখনৰ প্রথম দিনা পুৱা উইকেট পর্যবেক্ষণ কৰাৰ পিছতহে মূল একাদশ বাছনি কৰাৰ সিদ্ধান্ত লোৱা বুলি তেওঁ জানিবলৈ দিয়ে৷ উল্লেখ্য যে ভাৰতীয় দলত আছে চাৰিগৰাকী স্পীনাৰ৷ তেওঁলোক হ’ল – আৰ অশ্বিন, ৰবীন্দ্র জাদেজা, কুলদীপ যাদৱ আৰু অক্ষৰ পেটেল৷ ফলত তিনি স্পীনাৰক লৈ মূল একাদশ গঠন কৰাত সমস্যা নাই যদিও নাগপুৰৰ উইকেটৰ চৰিত্র ভালদৰে বুজিবলৈ মেচৰ দিনা পুৱালৈ অপেক্ষা কৰিব ৰোহিত শর্মা আৰু ৰাহুল দ্রাবিড়হঁতে৷ অশ্বিন আৰু জাদেজা প্রথম একাদশত থকাতো একপ্রকাৰ নিশ্চিত৷ তিনিগৰাকী স্পীনাৰক খেলালে কুলদীপৰ সম্ভাৱনা অধিক৷ স্পীনাৰক লৈ সমস্যা নাথাকিলেও চিন্তাৰ কাৰণ আছে ভাৰতীয় শিবিৰত৷ কাৰণ এই শৃংখলাত পোৱা নাযাব ঋষভ পণ্টক৷ আঘাতৰ বাবে প্রথম টেষ্টত অনিশ্চিত শ্রেয়াছ আয়াৰো৷ তেওঁলোকৰ পৰিৱর্তে প্রথম একাদশত কোনে স্থান লাভ কৰিব, সেই বিষয়ে জনাবলৈ আগ্রহী নহয় দ্রাবিড়৷ ইপিনে অষ্ট্রেলিয়াৰ প্রথম সাতগৰাকী বেটাৰৰ পাঁচগৰাকীয়ে বাঁওহতীয়া৷ ৰাহুলৰ মতে, অষ্ট্রেলিয়াই বাঁওহতীয়া বেটাৰসকলেই ভাৰতীয় বলাৰৰ বাবে প্রত্যাহ্বান হ’ব৷ উইকেটত বেগী বলাৰে বিশেষ সুবিধা কৰিব নোৱাৰিব যদিও বিশেষ প্রস্তুতি গ্রহণ কৰিছে ভাৰতে৷ ৰাহুলে কয় যে ভাৰতত ৰিভার্ছ ছুইঙে সকলো সময়তে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে৷ ইয়াৰ বাবে বিগত ১০ দিন ধৰি প্রস্তুতি চলোৱা বুলিও তেওঁ কয়৷

You might also like