নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রীলৈ উপহাৰ আর্জেণ্টিনাৰ : মেছিৰ জার্ছী লাভ মোদীৰ

বিশেষ বাৰ্তা, ৮ ফেব্রুৱাৰীঃ ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ সচিব জয় শ্বাহ আৰু প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীৰ পিছত এইবাৰ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উপহাৰ হিচাপে লাভ কৰিলে আর্জেণ্টিনাৰ অধিনায়ক লিঅ’নেল মেছিৰ জার্ছী৷ উল্লেখ্য যে খেলুৱৈসকলক সকলো সময়তে উৎসাহিত কৰি অহা প্রধানমন্ত্রীগৰাকীয়ে কোনো সাফল্য লাভ কৰিলেই তেওঁলোকক সামাজিক মাধ্যমত অভিনন্দন জনায়৷ আনকি বিদেশত কোনো বৃহৎ প্রতিযোগিতাত সাফল্য লাভ কৰিলে তেনে খেলুৱৈৰ সৈতে মোদীয়ে ফোনযোগে কথা পাতি উৎসাহিত কৰে৷ কেৱল ভাৰতীয়সকলকে নহয়, বিদেশৰ খেলুৱৈসকলকো বহু সময়ত সামাজিক মাধ্যমত তেওঁ অভিনন্দন জনায়৷ আর্জেণ্টিনাই কাটাৰ বিশ্বকাপত খিতাপ জয় কৰাৰ পিছতে মেছিৰ দলক অভিনন্দন জনাইছিল প্রধানমন্ত্রী মোদীয়ে৷ সেইবাবে তেওঁলৈ এইবাৰ উপহাৰ আহিল সুদূৰ আর্জেণ্টিনাৰ পৰা৷ মোদীৰ বাবে আহিছে মেছিৰ এটা জার্ছী৷ সেই জার্ছী হাতত লৈ প্রধানমন্ত্রীয়ে উঠা ছবি সামাজিক মাধ্যমত বিয়পি পৰিছে৷ উল্লেখ্য যে আর্জেণ্টিনাৰ ৰাষ্ট্রীয় ফুটবল দলৰ অন্যতম স্প’নছৰ হৈছে দেশখনৰ ৰাষ্ট্রায়ত্ব বিদ্যুৎ সংস্থা ৱাই পি এফ৷ ভাৰতত উদ্যাপন কৰা শক্তি সপ্তাহৰ এক অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰিবলৈ অহা ৱাই পি এফৰ শীর্ষ বিষয়া পাবলো গঞ্জালেছে মোদীৰ হাতত তুলি দিছে মেছিৰ নাম লিখা ৰাষ্ট্রীয় দলৰ জার্ছী৷

You might also like