নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিংবদন্তি চলচ্চিত্র নির্মাতা সত্যজিৎ ৰায়ৰ পৈতৃক গৃহ ভাঙিলে বাংলাদেশ চৰকাৰে

🔹 সংগ্রহালয়লৈ ৰূপান্তৰিত কৰাৰ পোষকতাৰে ভাৰতৰ উদ্বেগ প্রকাশ

নিউজ ডেস্ক, ১৭ জুলাই : কিংবদন্তি চলচ্চিত্র নির্মাতা, লেখক সত্যজিৎ ৰায়ৰ বাংলাদেশৰ মৈমনসিঙত থকা পৈতৃক গৃহ দেশখনৰ চৰকাৰে ভাঙি পেলোৱাক লৈ উদ্বিগ্ণতা আৰু অসন্তুষ্টি ব্যক্ত কৰিছে ভাৰতে৷ ভাৰতৰ বৈদেশিক মন্ত্রণালয়ে সাংস্কৃতিকভাৱে গুৰুত্বপূর্ণ সম্পত্তি ভাঙি পেলোৱাটো গ্রহণযোগ্য নহয় বুলি উল্লেখ কৰি এই স্থানখিনি সংৰক্ষণ কৰি সংগ্রহালয়লৈ ৰূপান্তৰিত কৰিব পাৰিলেহেঁতেন বুলি বিবৃতিযোগে প্রকাশ কৰিছে৷ সংগ্রহালয়লৈ ৰূপান্তৰিত কৰি ভাৰত আৰু বাংলাদেশৰ সাংস্কৃতিক ঐতিহ্য আৰু সাহিত্যৰ প্রতীক হিচাপে চিহ্ণিত কৰিব পাৰিলেহেঁতেন৷

উল্লেখ্য যে চলচ্চিত্র নির্মাতা সত্যজিৎ ৰায়ৰ ককাক, বিশিষ্ট সাহিত্যিক উপেন্দ্র কিশোৰ ৰায়ৰ সেই ভূমি সাংস্কৃতিক মাইলৰ খুঁটি হিচাপে এসময়ত জনাজাত আছিল৷ বাংলাদেশ চৰকাৰে শতিকাপুৰণি চলচ্চিত্র নির্মাতা সত্যজিৎ ৰায়ৰ পৈতৃক গৃহ ভাঙি তাৰ ঠাইত নতুনকৈ অর্ধকংক্রিটৰ অট্টালিকা নির্মাণ কৰিব আৰু তাতেই মৈমনসিং শিশু একাডেমী প্রতিষ্ঠা কৰিব৷ শতিকাপুৰণি বাসগৃহটো শিশুৰ কাৰণে নিৰাপদ হৈ থকা নাছিল বুলি যুক্তি প্রদর্শন কৰি বাংলাদেশ চৰকাৰে ভাঙি পেলায়৷

স্থানীয় শিশু পৰিক্রমা বিষয়া মহম্মদ মেহেদী জামানে প্রকাশ কৰা মতে, বিগত ১০ বছৰ ধৰি এই বাসগৃহটো পৰিত্যক্ত হৈ পৰি আছিল৷ শিশু একাডেমীৰ কার্যসূচী ভাৰাঘৰত চলি আছিল৷ ইয়াৰ বাবেই ভাঙি পেলোৱা হৈছে৷

You might also like