নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত ভ্রমণ বাতিল ব্রিটেইনৰ প্রধানমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ পুনৰ ভাৰত ভ্রমণ বাতিল কৰা হৈছে ব্রিটেইনৰ প্রধানমন্ত্রী বৰিছ জনছনৰ৷ ক’ভিড–১৯সৃষ্ট পৰিস্থিতি অতি ভয়াৱহ হৈ উঠাৰ বাবে ব্রিটেইনৰ প্রধানমন্ত্রীৰ ভাৰত ভ্রমণ বাতিল কৰা হৈছে বুলি সোমবাৰে কেন্দ্রীয় বৈদেশিক পৰিক্রমা মন্ত্রালয়ে প্রকাশ কৰিছে৷

উল্লেখ্য যে যোৱা ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে ব্রিটেইনৰ প্রধানমন্ত্রীগৰাকী উপস্থিত থকাৰ কথা আছিল যদিও তেওঁলোকৰ দেশত ক’ৰোনাৰ পৰিস্থিতি ভয়াৱহ হোৱাত সেই ভ্রমণ বাতিল হৈছিল৷

You might also like