২০২৯ৰ ভিতৰত এইডছত মৃত্যু হ’ব ৪০ লাখৰ
🔹 ৰাষ্ট্রসংঘৰ এইডছ সম্পর্কীয় প্রতিবেদনত সকীয়নি
নিউজ ডেস্ক, ১৩ জুলাই : আমেৰিকা যুক্তৰাষ্ট্রই এইডছ কার্যসূচীত আকস্মিকভাৱে বিনিয়োগ প্রত্যাহাৰ কৰাৰ পৰিপ্রেক্ষিতত বিশ্বজুৰি এইডছ কার্যসূচীত সংকট নামি আহিছে৷ ৰাষ্ট্রসংঘৰ এইডছ সম্পর্কীয় প্রতিবেদনত প্রকাশ কৰা মতে ২০২৯ৰ ভিতৰত এইডছ সম্পর্কীয় কাৰণত ৪০ লাখতকৈ অধিক লোকৰ মৃত্যু হ’ব৷ ইয়াৰ লগতে ৬০ লাখৰ অধিক লোক এইচআইভিত সংক্রমিত হ’ব৷
আমেৰিকা যুক্তৰাষ্ট্রই এইডছ কার্যসূচীত বিনিয়োগ প্রত্যাহাৰ কৰাৰ পৰিপ্রেক্ষিতত এই কার্যসূচীত জড়িত থকা অনেক বিষয়াই ইতিমধ্যে চাকৰি ত্যাগ কৰিছে৷ বিশ্বজুৰি এইডছ সম্পর্কীয় স্বাস্থ্য ক্লিনিক বন্ধ কৰি দিয়া হৈছে৷ সজাগতা অভিযান হিচাপে চলাই থকা কার্যসূচী পুঁজিৰ বাবে বন্ধ কৰি দিব লগা হৈছে৷ এনে কাৰণতেই বিশ্বৰ বিভিন্ন দেশত সজাগতাৰ অভাৱত এইচআইভিত সংক্রমিত লোকৰ সংখ্যা বৃদ্ধি পোৱাটো নিশ্চিত বুলি প্রতিবেদনত প্রকাশ কৰা হৈছে৷
উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্রই এইডছ কার্যসূচীৰ বাবে ৪ মিলিয়ন মার্কিন ডলাৰ বিনিয়োগ আকস্মিকভাৱে প্রত্যাহাৰ কৰিছিল৷