নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রহ্মপুত্র নদীত ‘জলবোমা’ৰ আধাৰশিলা ৰঙা চীনৰ

🔹 অৰুণাচলৰ সমীপত বান্ধ নির্মাণৰ শুভাৰম্ভ চীনৰ প্রধানমন্ত্রীৰ

নিউজ ডেস্ক, ২১ জুলাই : জলবোমা নির্মাণৰ ভাবুকি দি অহা চীনে দক্ষিণ–পূব তিব্বতত ভাৰতৰ অৰুণাচল প্রদেশৰ সীমান্তত বৃহৎ নদীবান্ধ নির্মাণৰ আধাৰশিলা স্থাপন কৰে৷ শনিবাৰে চীনৰ প্রধানমন্ত্রী লী কিয়াঙে এই বান্ধ নির্মাণৰ আধাৰশিলা অনুষ্ঠানত অংশগ্রহণ কৰে৷ ১৬৭ বিলিয়ন মার্কিন ডলাৰ ব্যয়েৰে নির্মাণ হ’বলগীয়া প্রকল্পত ৫টা জলবিদ্যুৎ কেন্দ্র অন্তর্ভুক্ত হৈছে৷ এই বান্ধৰ জৰিয়তে ইয়াংজী নদীৰ ওপৰত নির্মিত ৩ জর্জেছ বান্ধৰ সমান বিদ্যুৎ উৎপাদন কৰিব৷

ভাৰতে বাৰম্বাৰ আপত্তি জনোৱাৰ পিছতো চীন চৰকাৰৰ এই পদক্ষেপে দুয়োখন দেশৰ মাজৰ সম্পর্কৰ আৰু অধিক অৱনতি ঘটাব৷ জানুৱাৰী মাহত বিদেশ মন্ত্রালয়ে এই বান্ধে ব্রহ্মপুত্রৰ নামনি অঞ্চলত কেনে প্রভাৱ পেলাব এইটো নিশ্চিত কৰিবলৈ দাবী জনোৱাৰ বিপৰীতে চীনে নিৰাপদ বুলি সদৰী কৰিছিল৷ এই সন্দর্ভত অৰুণাচলৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৱেও উদ্বেগ প্রকাশ কৰি চীনে ব্রহ্মপুত্রত জলবোমা নির্মাণ কৰা বুলি সমালোচনা কৰে৷ তেওঁ লগতে এই প্রকল্প ভাৰতৰ নিৰাপত্তা আৰু অস্তিত্বৰ প্ৰতি ভাবুকি বুলি কয়৷ এই বান্ধৰ নির্মাণ সম্পূর্ণ হ’লে অসম–অৰুণাচলৰ লগতে উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ভয়াৱহ বান অথবা খৰাং পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা প্রকাশ কৰিছে৷ বাংলাদেশতো ইয়াৰ কুপ্রভাৱ পৰিব বুলি ধাৰণা কৰা হৈছে৷

You might also like