মোদীক চীনত হত্যাৰ চিআইএৰ ব্লু–প্রিণ্ট ফাদিল, ‘অর্গেনাইজাৰ’ত বিস্ফোৰক প্রতিবেদন
নিউজ ডেস্ক, ৩০ অক্টোবৰ : মার্কিন আধিপত্যবাদী আকাংক্ষাক বিশ্বত প্রতিষ্ঠা কৰাৰ হকে ভূ–ৰাজনৈতিক প্রেক্ষাপটক বিচ্যুত কৰাৰ দৰে কুখ্যাত কর্মকাণ্ডৰ বাবে সর্বত্র পৰিচিত আমেৰিকাৰ চোৰাংচোৱা সংস্থা ‘চেন্ট্ৰেল ইণ্টেলিজেঞ্চ এজেঞ্চী’ (চিআইএ)–এ প্রধানমন্ত্রী নৰেন্দ্র মোদীক হত্যাৰ ভয়ংকৰ ষড়যন্ত্র কৰিছিল৷ তাকো ভাৰতভূমিৰ প্রতি সদাসর্বদা আগ্রাসী মনোভাব পোষণ কৰি অহা চীনত৷ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে শেহতীয়াকৈ অতিৰিক্ত শুল্ক আৰোপেৰে ভাৰতৰ অর্থনীতিত মোক্ষম আঘাত হনাৰ সময়তে চিআইএৰ এক ভয়ংকৰ ব্লু–প্রিণ্ট ফাদিল হৈছে৷
খোদ ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ মুখপত্র ‘অর্গেনাইজাৰ’ত এই সন্দর্ভত এক বিস্ফোৰক প্রতিবেদন প্রকাশ পাইছে৷ য’ত দাবী কৰা মতে, আমেৰিকাৰ চোৰাংচোৱা সংস্থাটোৱে চীনৰ টিয়ানজিনত অনুষ্ঠিত ছাংহাই সহযোগিতা সন্মিলনৰ সময়ত প্রধানমন্ত্রী মোদীক হত্যা কৰিবলৈ ৰচনা কৰা পৰিকল্পনাক বাস্তৱ ৰূপ দিব বিচাৰিছিল৷ অৱশ্যে ভাৰত আৰু ৰাছিয়াৰ চোৰাংচোৱা সংস্থাৰ যৌথ তৎপৰতাত চিআইএৰ এই পৰিকল্পনা ব্যর্থ হয়৷
উল্লেখ্য যে ১৯৭৯ চনত ছোভিয়েট আগ্রাসনৰ সময়ত আফগানিস্তানত মার্কিন তৎপৰতাৰ পৰা আৰম্ভ কৰি বাংলাদেশ আৰু নেপালত সাম্প্রতিক শাসন ব্যৱস্থাৰ অস্থিৰতা পর্যন্ত দক্ষিণ এছিয়াৰ ৰাজনৈতিক ক্ষেত্রখনৰ এটা এটাকৈ উন্মুক্ত গোপন বিষয়ত যে চিআইএৰ হাত আছে, সেয়া এখন খোলা কিতাপৰ দৰে৷ চিআইএৰ পৃষ্ঠপোষকতাতে আমেৰিকাই দক্ষিণ এছিয়া বিশেষকৈ ভাৰতত বিশেষ অভিযানৰ বাবে নিয়োগ কৰিছিল টেৰেন্স আর্ভেল জেকছন নামৰ এজন বিষয়াক৷ মূলতঃ ছেণ্ট মার্টিন দ্বীপত বাংলাদেশী সেনা বাহিনীক প্রশিক্ষণ দিয়াৰ উদ্দেশ্যে বাংলাদেশত বাহৰ পাতিয়েই চিআইএৰ এইজন স্পেচিয়েল অফিচাৰে সমগ্র দক্ষিণ এছিয়ালৈ মার্কিন আধিপত্যবাদী আকাংক্ষাক বিয়পাই দিয়াৰ অভিযানত নামি পৰিছিল৷ কিন্তু যোৱা ৩১ আগষ্টত ঢাকাৰ এখন হোটেলত ৰহস্যজনকভাৱে উদ্ধাৰ হয় জেকছনৰ মৃতদেহ৷ দক্ষিণ এছিয়াত মার্কিন আধিপত্য প্রতিষ্ঠা কৰাৰ লক্ষ্যৰে ভাৰতত চৰকাৰ পৰিৱর্তন তথা প্রয়োজনত প্রধানমন্ত্রীক ক্ষমতাচ্যুত কৰাৰ বাবে অভিযানত জেকছন ব্রতী হৈছিল বুলি চর্চা হৈছে৷
বিশ্লেষকসকলে অনুমান কৰিছে যে জেকছনে বাংলাদেশত বাহৰ পতাৰ আঁৰত আছিল প্রধানমন্ত্রী মোদীক হত্যা কৰাৰ পৰিকল্পনা তথা চেষ্টা৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– যিদিনা অর্থাৎ ৩১ আগষ্টত জেকছনৰ মৃতদেহ ঢাকাৰ হোটেলত উদ্ধাৰ কৰা হৈছিল সেইদিনাই ছাংহাই সহযোগিতা বৈঠক অনুষ্ঠিত হোৱাৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিন আৰু প্রধানমন্ত্রী মোদী একেখন বাহনত প্রায় ৪৫ মিনিট সময় অতিবাহিত কৰিছিল৷ বাহনখন আছিল ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনৰ৷
‘অর্গেনাইজাৰ’ত প্রকাশিত বাতৰি অনুসৰি প্রধানমন্ত্রী মোদীৰ সৈতে ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনে গাড়ীৰ ভিতৰতে চিআইএৰ ভয়ংকৰ পৰিকল্পনাক লৈ আলোচনা কৰে৷ বিশেষকৈ ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনে মার্কিন চোৰাংচোৱা সংস্থাটোৱে ৰচনা কৰা ব্লু–প্রিণ্টৰ বিষয়ে বিশদভাৱে জনায় প্রধানমন্ত্রী মোদীক৷ এক কথাত ক’বলৈ গ’লে সেইদিনা প্রধানমন্ত্রী মোদীৰ প্রাণৰক্ষা কৰিছিল ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনে৷ কোনোধৰণৰ পূর্বনির্ধাৰিত সূচী অবিহনেই হঠাৎ প্রায় ৪৫ মিনিট সময় দুয়োখন ৰাষ্ট্রৰ মুৰব্বীয়ে গাড়ীৰ ভিতৰত কটোৱা বিষয়টোৱে স্বাভাৱিকতে সকলোৰে দৃষ্টি আকর্ষণ কৰিছিল৷ একমাত্র পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবেই ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনে প্রধানমন্ত্রী মোদীক নিজৰ গাড়ীত বহুৱাই লৈ একপ্রকাৰ বানচাল কৰিছিল কুখ্যাত চিআইএৰ ভয়ংকৰ ব্লু–প্রিণ্ট৷ যদিহে সেইদিনা ৰাছিয়াৰ ৰাষ্ট্রপতিৰ সৈতে প্রধানমন্ত্রী মোদী নাথাকিলহেঁতেন, তেন্তে যিকোনো মুহূর্ততে অঘটন সংঘটিত হোৱাৰ সম্ভাৱনা প্রকট আছিল৷
এই প্রসংগতে ‘অর্গেনাইজাৰ’ৰ প্রতিবেদনখনত আন এক গুৰুত্বপূর্ণ কথাৰ অৱতাৰণা কৰা হৈছে৷ য’ত দাবী কৰা হৈছে যে চিআইএৰ পৰিকল্পনাৰ বিষয়ে অৱগত হোৱাৰ পাছত প্রধানমন্ত্রী মোদীয়ে নিজেই উষ্মা ব্যক্ত কৰিছিল৷ ২ ছেপ্টেম্বৰত যেতিয়া দিল্লীলৈ ঘূৰি আহি এখন সভাত অংশ লয় তেতিয়া উপস্থিত সকলোৱে হাত চাপৰিৰে আদৰণি জনোৱাৰ সময়ত তেওঁ কৈছিল– ‘আপোনালোকে হাত চাপৰি কিয় বজাইছে? মই চীনলৈ যোৱাৰ কাৰণে নে চীনৰ পৰা ঘূৰি অহাৰ বাবে?’ ইয়াতেই স্পষ্ট হয়– চিআইএৰ ব্লু–প্রিণ্টৰ বিষয়ে জানিব পাৰি প্রধানমন্ত্রী মোদীয়েই নিজেই হতচকিত হৈ পৰিছিল৷
প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ঢাকাৰ হোটেলত ৰহস্যজনকভাৱে মৃত্যু হোৱা চিআইএৰ দ্বাৰা নিয়োজিত জেকছনৰ মৰণোত্তৰ পৰীক্ষা বাংলাদেশত সম্পন্ন নহ’ল৷ বৰং মার্কিন চোৰাংচোৱা সংস্থাটোৱে জেকছনৰ মৃতদেহ আমেৰিকালৈ ওভতাই নিয়াৰ ক্ষেত্রতহে তৎপৰ হৈ পৰে৷ অকল তৎপৰ হোৱাই নহয়, দক্ষিণ এছিয়াত নিয়োজিত বিষয়াজনৰ মৃতদেহ নিজ দেশলৈ ওভতাই নিয়ে চিআইএয়ে৷
‘অর্গেনাইজাৰ’ত প্রকাশ পোৱা বিস্ফোৰক প্রতিবেদনখনৰ বিপৰীতে কোনোধৰণৰ যুক্তিযুক্ত তথ্য–প্রমাণ সন্নিৱিষ্ট হোৱা নাই যদিও বিগত সময়ছোৱাত দক্ষিণ এছিয়াক অশান্ত কৰাৰ বিভিন্ন ধৰণৰ চেষ্টা চলোৱাৰ অভিযোগ আছে চিআইএৰ বিৰুদ্ধে৷ ইয়াৰ ভিতৰত প্রাক্তন প্রধানমন্ত্রী লালবাহাদুৰ শাস্ত্রী, বিজ্ঞানী হোমি জাহাংগীৰ ভাবাৰ দৰে ব্যক্তিৰ মৃত্যুৰ আঁৰতো মার্কিন চোৰাংচোৱা সংস্থাটোৰ হাত থকাৰ অভিযোগ দীর্ঘদিনীয়া৷