ভাৰতীয় ভূখণ্ডৰ ৩টা বিতর্কিত এলেকাৰ অন্তর্ভুক্তি নেপাল-ৰ মেপত
নেপালৰ ১০০টকীয়া নোটত বিতর্কিত মানচিত্র
নেপালৰ কেন্দ্রীয় বেংক নেপাল ৰাষ্ট্র বেংকে বৃহস্পতিবাৰে জাৰি কৰিছে নতুন ১০০টকীয়া নোট৷ নোটখনত ছপা কৰা এখন মানচিত্রক লৈ সৃষ্টি হৈছে বিতর্কৰ৷ নেপালৰ কেন্দ্রীয় বেংকে নোটখনত বিতর্কিত কালাপানী, লিপুলেখ আৰু লিম্পিয়াধুৰা নামৰ তিনিখন ঠাইক সামৰি দেশখনৰ সংশোধিত মানচিত্র এখন ছপা কৰিছে৷
নোটখনত স্বাক্ষৰ কৰিছে নেপাল ৰাষ্ট্র বেংকৰ পূর্বৰ গৱর্নৰ মহাপ্রসাদ অধিকাৰীয়ে৷ উল্লেখযোগ্য যে কে পি শর্মা অলি নেতৃত্বাধীন চৰকাৰখনে ২০২০ চনত নেপালৰ এই বিতর্কিত মানচিত্রখন তৈয়াৰ কৰিছিল৷ সেই সময়ত নেপালৰ সংসদেও তাত সন্মতি প্রদান কৰিছিল৷
আৰম্ভণিৰ পৰাই ভাৰতে নেপালৰ এই কার্যত আপত্তি দর্শাই আহিছে৷ সেই সময়তে ভাৰতৰ বিদেশমন্ত্রী এছ জয়শংকৰে মন্তব্য কৰিছিল যে নেপালে একপক্ষীয়ভাৱে এই পদক্ষেপ গ্রহণ কৰিছে৷
তেওঁ লগতে কয় যে এনে কার্যৰে নেপালে বাস্তৱ পৰিস্থিতিৰ পৰিৱর্তন সাধন কৰিব নোৱাৰে৷ সেই বিতর্কিত মানচিত্রখনেই পুনৰ নোটত ছপা কৰি উলিয়ালে নেপালৰ কেন্দ্রীয় বেংকে৷ নেপাল ৰাষ্ট্র বেংকে বৃহস্পতিবাৰে ১০০ নেপালী ৰুপীৰ এই নোটখন জাৰি কৰে৷
সম্প্রতি নেপালত অলি চৰকাৰৰ পতন ঘটিছে৷ দায়িত্ব লৈছে অন্তর্ৱর্তী চৰকাৰে৷ কিন্তু অলি চৰকাৰৰ পতনৰ পিছতো মানচিত্র বিতর্কক জীয়াই ৰাখিছে নেপালে৷ এই প্রসংগত নেপাল ৰাষ্ট্র বেংকৰ এগৰাকী মুখপাত্রই দাবী কৰিছে যে ১০০ নেপালী ৰুপীৰ নোটত এই মানচিত্রখন আগৰ পৰাই আছে৷
ডিজিটেল ডেস্ক, ২৮ নৱেম্বৰ