নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাক্ষাদ্বীপত নির্মাণ হ’ব প্রতিৰক্ষা ঘাটি

🔹 ভাৰতৰ কঠোৰ নিৰীক্ষণত থাকিব মালদ্বীপ–আৰব সাগৰ

নিউজ ডেস্ক, ২০ জুলাই : প্রশান্ত মহাসাগৰীয় অঞ্চলত প্রতিৰক্ষা ঘাটি নির্মাণ কৰি ভাৰতে ইয়াৰ কৌশলগত আৰু কূটনৈতিক শক্তি বৃদ্ধিৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷ শেহতীয়াভাৱে কেন্দ্রীয়শাসিত অঞ্চল লাক্ষাদ্বীপৰ বিত্রাদ্বীপত ভাৰতে প্রতিৰক্ষা ঘাটি নির্মাণৰ পৰিকল্পনাৰে অধিসূচনাও জাৰি কৰিছে৷ এই দ্বীপটোৰ অৱস্থান আৰু ৰাষ্ট্রীয় নিৰাপত্তাৰ লগত ইয়াৰ প্রাসংগিকতাৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে এই সিদ্ধান্ত গ্রহণ কৰিছে৷

উল্লেখ্য যে লাক্ষা দ্বীপপুঞ্জ ৩৬টা সৰু–বৰ দ্বীপেৰে গঠিত৷ ইয়াৰে ১০টা দ্বীপহে বসবাসৰ উপযোগী৷ ইয়াৰে বিত্রাদ্বীপত আছে মুঠ ১০৫টা পৰিয়াল৷ এই দ্বীপটো মালদ্বীপৰ সমীপৱর্তী৷ শেহতীয়াকৈ মালদ্বীপত চীনৰ গতিবিধিলৈ চাই ভাৰতে লাক্ষাদ্বীপত সামৰিক ঘাটি নির্মাণেৰে সমগ্র দেশত কঠোৰভাৱে নিৰীক্ষণৰ পৰিকল্পনা কৰিছে৷ কিয়নো ভাৰতে দ্বীপৰাষ্ট্রৰ ওপৰত কোনো কাৰণতে ইয়াৰ নিয়ন্ত্রণ হেৰুৱাবলৈ ইচ্ছুক নহয়৷ ইয়াৰ ফলত আৰব সাগৰত ভাৰতৰ চোৰাংচোৱাগিৰিতো যথেষ্ট সুবিধা হ’ব৷

বিশেষজ্ঞসকলেও চৰকাৰৰ এই সিদ্ধান্ত ভাৰতৰ বাবে বিশেষ সুবিধাজনক বুলি মন্তব্য কৰিছে৷ অৱশ্যে কেন্দ্রৰ এই পৰিকল্পনা পোহৰলৈ অহাৰ পিছৰে পৰা বিত্রাদ্বীপৰ একাংশ স্থানীয় লোকে অসন্তুষ্টি প্রকাশ কৰি সিদ্ধান্ত বাতিলৰো দাবী জনাইছে৷ উল্লেখ্য যে বিগত বর্ষৰ জানুৱাৰী মাহত প্রধানমন্ত্রী মোদীৰ লাক্ষাদ্বীপ ভ্রমণৰ পিছত দক্ষিণ ভাৰতৰ প্রান্তত থকা কেৰালা উপকূলৰ ৩৬টা দ্বীপ নিশাটোৰ ভিতৰতে জনপ্রিয় হৈ পৰিছিল৷ শেহতীয়াভাৱে এই দ্বীপসমূহলৈ পর্যটকৰ আগমন ঘটা পৰিলক্ষিত হৈছে৷

You might also like