নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমলাৰ শপত গ্রহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ ইচ্ছুক চেন্নাইৰ ‘চিট্টি’

নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ নৱনির্বাচিত আমেৰিকাৰ উপ–ৰাষ্ট্রপতি কমলা হেৰিছৰ চেন্নাইত থকা ‘চিট্টি’ অর্থাৎ মামীয়েক ডাঃ সৰলা গোপালনে ভাগিনীয়েকৰ এই বিজয়ত উল্লাস প্রকাশ কৰি নেত্রীগৰাকীৰ শৈশৱৰ বিভিন্ন কথা সংবাদ মাধ্যমত সদৰী কৰিছে৷

সংবাদ সংস্থা পি টি আইৰ সৈতে হোৱা সাক্ষাৎকাৰত ডাঃ সৰলা গোপালনে উল্লেখ কৰিছে যে কমলা হেৰিছ এনে এগৰাকী কিশোৰী আছিল, যিয়ে জীৱনত নির্ধাৰণ কৰি লোৱা লক্ষ্য স্পর্শ কৰিবলৈ সকলো প্রকাৰৰ প্রচেষ্টা চলাইছিল৷ কমলা হেৰিছৰ শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ পালে সুখী হ’ব বুলিও মন্তব্য কৰিছে ডাঃ সৰলা গোপালনে৷ এজনী ভাল কিশোৰী হিচাপেই কমলা হেৰিছ জীৱনৰ সকলো পৰীক্ষাত সদায় আগবাঢ়ি গৈছিল৷ সফলতা লাভ কৰাটোৱেই কমলা হেৰিছৰ লক্ষ্য আছিল বুলিও ডাঃ সৰলাই মন্তব্য কৰিছে৷ আমেৰিকাত কমলা হেৰিছে উপ–ৰাষ্ট্রপতি হিচাপে বিজয় সাব্যস্ত কৰা বিষয়টোত অত্যন্ত সুখী বুলি উল্লেখ কৰিছে গোপালনে৷ উল্লেখনীয় যে ডাঃ সৰলা গোপালন হৈছে এগৰাকী জ্যেষ্ঠ চিকিৎসক৷

You might also like