ড্রেগন আৰু হাতীয়ে আগবাঢ়ি যাব একেলগে, ‘বন্ধু’ মোদীৰ সন্মুখত জিনপিঙৰ উদাত্ত ঘোষণা
🔹 মাত্র ৫০ মিনিটৰ বৈঠকতে আৰম্ভ আমেৰিকাৰ দুর্গ খহোৱাৰ আখৰা
নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ : ‘বর্তমান পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ভাৰত আৰু চীনৰ বন্ধুত্ব অত্যন্ত গুৰুত্বপূর্ণ৷’ সুদীর্ঘ ৭ বছৰৰ পিছত চীন ভ্রমণলৈ যোৱা প্রধানমন্ত্রী মোদীৰ সৈতে প্রায় ৫০ মিনিটজোৰা দ্বিপাক্ষিক বৈঠকত মিলিত হৈ ৰাষ্ট্রপতি ঝি জিনপিঙে এইদৰে কয়৷ কূটনৈতিক মহলে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ শুল্ক শাস্তিৰ মাজতে মোদী আৰু জিনপিঙৰ বন্ধুত্ব বিশেষ তাৎপর্যপূর্ণ বুলি মন্তব্য কৰিছে৷ ৫০ মিনিটজোৰা এই বৈঠক আমেৰিকাৰ দুর্গ খহোৱাৰ এক আখৰা বুলিও চর্চা লাভ কৰিছে৷ কিয়নো আমেৰিকাই দশক দশক ধৰি ভাৰত আৰু চীনক পৃথক কৰাৰ কূটকৌশল ৰচনা কৰি আহিছে৷ এনে পৰিপ্রেক্ষিতত দুয়োখন দেশৰ বন্ধুত্বপূর্ণ সম্পর্কই স্বাভাৱিকতে ছুপাৰ পাৱাৰ আমেৰিকাক অস্বস্তিত পেলাইছে৷
বন্ধু মোদীৰ সৈতে হোৱা বৈঠকত জিনপিঙে ড্রেগন আৰু হাতীয়ে একেলগে আগুৱাই যাব লাগিব বুলি উদাত্ত কণ্ঠে ঘোষণা কৰে৷ টিয়ানঝিনত অনুষ্ঠিত ঐতিহাসিক বৈঠক দ্রুত পৰিৱর্তিত বিশ্ব কূটনীতিৰ এক নতুন মাইলৰ খুঁটি৷ বৈঠকত প্রধানমন্ত্রী মোদীক আদৰণি জনাই চীনৰ ৰাষ্ট্রপতিগৰাকীয়ে যোৱা বছৰ কাজানত অনুষ্ঠিত বৈঠকৰ পিছত দ্বিপাক্ষিক সম্পর্কই ধনাত্মক গতি আৰু অবিৰত অগ্রগতি লোৱা বুলি সদৰী কৰে৷ তেওঁ দৃঢ়তাৰে কয় যে ভাৰত আৰু চীনৰ মাজত থকা মতানৈক্য বিবাদত পৰিণত হ’ব নালাগে৷ জিনপিঙে ভাৰতক চীনৰ অংশীদাৰ বুলি উল্লেখ কৰে৷ এছচিঅ’ সন্মিলনলৈ আদৰণি জনাই জিনপিঙে দ্বিপাক্ষিক বৈঠকক ঐতিহাসিক আখ্যা দি কয়– পৃথিৱীখনত বর্তমান বৃহৎ পৰিৱর্তন ঘটিছে৷ আমি পাহৰি যোৱা অনুচিত যে আমাৰ সভ্যতাই আটাইতকৈ পুৰণি৷ আমাৰ বৃহৎ জনসংখ্যাৰ বাবে আমি গ্ল’বেল ছাউথৰ গুৰুত্বপূর্ণ অংশ৷ গতিকে বর্তমানৰ পৰিস্থিতিত আমাৰ বন্ধুত্ব আৰু ভাল প্রতিৱেশী হিচাপে কর্তব্য পালন কৰাটো অতি প্রয়োজনীয়৷
ইফালে, প্রধানমন্ত্রী মোদীয়ে কাজানৰ বৈঠকৰ ফলপ্রসূ আলোচনাই ইতিবাচক দিশত আগুৱাই গৈছে বুলি কয়৷ সীমান্তৰ পৰা সৈন্য প্রত্যাহাৰৰ পিছত বর্তমান শান্তি আৰু সুস্থিৰ পৰিৱেশ বর্তি আছে৷ সীমান্ত বিষয়ক লৈ প্রতিনিধি পর্যায়ৰ চুক্তি স্বাক্ষৰিত হোৱা বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কৈলাস মানসৰোবৰ যাত্রা পুনৰ আৰম্ভ কৰা বুলি কয়৷ তেওঁ লগতে দুয়ো দেশৰ মাজত প্রত্যক্ষ বিমানসেৱা পুনৰ আৰম্ভ কৰাৰ কথা কয়৷ আমি পাৰস্পৰিক ভিত্তিত আমাৰ সম্পর্ক আগুৱাই নিয়াৰ বাবে প্রতিশ্রুতিবদ্ধ৷
ইফালে, মোদী–জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্রপতিৰ সম্ভাব্য বৈঠকক কেন্দ্র কৰি চীনৰ বন্দৰ চহৰখনত তীব্র উৎকণ্ঠাৰ পৰিৱেশ বিৰাজ কৰিছে৷ এই নতুন বন্ধুত্বই ট্রাম্পৰ শুল্ক বোমাৰ মাজতে বিশ্ববাসীৰ দৃষ্টি আকর্ষণ কৰিছে৷
মন কৰিবলগীয়া যে দ্বিতীয়বাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছতে আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে শুল্ক অস্ত্রৰে যুদ্ধ কৰিবলৈ আৰম্ভ কৰিছে৷ ৰাছিয়াৰ পৰা তেল ক্রয়ৰ অজুহাতত তেওঁ ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে৷ ইউক্রেইনৰ যুদ্ধৰ বাবে ৰাছিয়াকো অহৰহ ভাবুকি দিছে মার্কিন চৰকাৰে৷ তদুপৰি শুল্ক যুদ্ধৰ পাছত চীনে আপুৰুগীয়া খনিজ পদার্থ ৰপ্তানি নকৰিলে চীনৰ ওপৰত ২০০ শতাংশ শুল্ক আৰোপ কৰাৰো হুংকাৰ দিছে ট্রাম্পে৷ এছিয়াৰ দেশসমূহে ট্রাম্পৰ স্বেচ্ছাচাৰী নিষেধাজ্ঞা আৰু শুল্ক বোমাৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে৷ বাণিজ্যৰ ক্ষেত্রত আমেৰিকাৰ আধিপত্যক প্রত্যাহ্বান জনোৱাত গ্ল’বেল ছাউথে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে বলি চর্চা হৈছে৷ ইয়াৰ মাজতে মোদী আৰু জিনপিঙৰ বন্ধুত্বৰ বার্তাই আমেৰিকাৰ চকু কপালত তুলিছে৷