নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ : চাকৰি দিয়াৰ প্রতিশ্রুতিৰে বহিঃৰাজ্যলৈ নি মহানগৰীৰ উজানবজাৰৰ এগৰাকী বোৱাৰীক হিন্দীভাষী যুৱক এজনে নৃশংসভাৱে হত্যা কৰাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ মৃত মহিলাগৰাকী উজানবজাৰৰ পূজা দাস (২৭)৷
উল্লেখ্য যে যোৱা ২৩ আগষ্টত উজানবজাৰৰে মহেশ পাছোৱান ওৰফে বাসু নামৰ যুৱকজনৰ সৈতে ঘৰৰ পৰা ওলাই গৈছিল পূজা দাস৷ মাতৃক অৱগত নকৰাকৈ ওলাই যোৱা মহিলাগৰাকীয়ে পশ্চিমবংগলৈ যোৱা বুলি মহেশ পাছোৱানৰ পৰিয়ালবর্গই অৱগত কৰিছিল৷ কিন্তু কেইবাদিনো উকলি যোৱাৰ পাছতো মহিলাগৰাকীৰ কোনোধৰণৰ সম্ভেদ নোপোৱাত মাতৃয়ে মহেশ পাছোৱানৰ পৰিয়ালক এই সন্দর্ভত সোধা–পোছা কৰাত পূজা দাসে পশ্চিমবংগৰ নিউ জলপাইগুৰি ষ্টেচনত ৰে’লৰ পৰা নামি যোৱা বুলি অৱগত কৰে৷
মহেশ পাছোৱানৰ পৰিয়ালৰ এই ভাষ্যৰ পাছতে সন্দেহ প্রকাশ কৰা পূজা দাসৰ মাতৃয়ে লগে লগে যুৱকজনক ফোনযোগে যোগাযোগ কৰি ঘৰত তেওঁক লগ কৰাৰ বাবে আহ্বান জনায়৷ এই অনুসৰি যোৱা বুধবাৰে মহেশ পাছোৱানে ঘৰলৈ আহে যদিও লগে লগে পলায়ন কৰে৷ তাৰ পাছতে পূজা দাসৰ মাতৃয়ে ঘটনা সন্দর্ভত স্থানীয় বাসিন্দাসকলক অৱগত কৰাত সকলোৱে মহেশ পাছোৱানৰ পৰিয়ালক যুৱকজনক লগে লগে ঘৰলৈ মাতি পঠিয়াবলৈ হেঁচা প্রয়োগ কৰে৷ তাৰ পাছতে যোৱা বৃহস্পতিবাৰে অঞ্চলটোৰ একাংশ লোকে মহেশ পাছোৱানক অজ্ঞাত স্থানৰ পৰা কৰায়ত্ত কৰি অনাৰ পাছতে পূজা দাসৰ মাতৃয়ে এই সন্দর্ভত লতাশিল থানাত এটা গোচৰ দাখিল কৰাৰ লগতে মহেশ পাছোৱানকো আৰক্ষীক গতাই দিয়ে৷ পূজা দাসৰ সন্ধান অব্যাহত ৰাখি মাতৃয়ে আৰক্ষীৰ সহযোগত নিউ জলপাইগুৰিলৈ গৈ নিজ জীয়ৰীৰ সন্ধান চলায়৷ তাৰ পাছতে পৰহি পূজা দাসৰ ক্ষত–বিক্ষত মৃতদেহ নিউ জলপাইগুৰিৰ মর্গত চিনাক্ত কৰাৰ লগে লগে সমগ্র ঘটনাটো পোহৰলৈ আহে৷ দুর্ভগীয়া মাতৃয়ে উক্ত ঘটনাটো পূর্বপৰিকল্পিত বুলি অভিযোগ কৰাৰ লগতে যোৱা ২৪ আগষ্টত পশ্চিমবংগৰ গাইশালৰ আলোৱাবাৰীত ৰে’লআলিৰ সমীপত মৃতদেহটো আৰপিএফে উদ্ধাৰ কৰিছিল বুলি জানিবলৈ দিয়ে৷
জানিব পৰা মতে, মহিলাগৰাকীৰ হাত আৰু ভৰি ক্ষত–বিক্ষত হোৱাৰ লগতে মুখমণ্ডলো চিনাক্ত হোৱা নাছিল যদিও মাতৃয়ে হাতত অংকিত এটা টাটুৰ জৰিয়তে নিজৰ জীয়ৰীক চিনাক্ত কৰে৷ বিগত কিছু বছৰ পূর্বে উজানবজাৰৰ এজন যুৱকৰ সৈতে প্রেমত পৰি বিবাহপাশত আবদ্ধ হোৱা পূজা দাসৰ এটা ৯ বছৰীয়া ল’ৰা সন্তানো আছে৷ স্বামীয়ে অত্যধিক ড্রাগছ আসক্ত হোৱাৰ বাবে কিছু বছৰ পূর্বৰে পৰা নিজৰ মাতৃৰ সৈতে থাকিবলৈ লৈছিল পূজা দাসে৷ ধৃত মহেশ পাছোৱানৰ সৈতে পূজা দাসৰ কিছু প্রেমৰ সম্পর্ক শেহতীয়াকৈ গঢ় লৈ উঠিছিল বুলি অঞ্চলটোৰ একাংশ লোকে জানিবলৈ দিছে৷ মাতৃক মহেশ পাছোৱানৰ সৈতে যোৱাৰ কথা অৱগত নকৰিলেও কণমানি পুত্র সন্তানক নতুন দিল্লীলৈ ফুৰিবলৈ যাম বুলি কৈ গৈছিল পূজা দাসে৷
ঘটনাটো সন্দর্ভত আৰক্ষীয়ে মহেশ পাছোৱানক গ্রেপ্তাৰ কৰাৰ লগতে মৃতদেহটো কালি পশ্চিমবংগৰ পৰা উজানবজাৰৰ ঘৰলৈ আনে৷ মৃত পূজা দাসৰ মাতৃয়ে জীয়ৰীৰ সৈতে হোৱা এই অপকর্মৰ বিৰুদ্ধে আৰক্ষীৰ পৰা ন্যায় বিচাৰিছে৷ অৱশ্যে কি কাৰণত পূজা দাসক হত্যা কৰা হ’ল সেয়া স্পষ্ট হোৱা নাই যদিও চাকৰি দিয়াৰ প্রতিশ্রুতিৰে দিল্লীলৈ মহেশ পাছোৱানে নিছিল বুলি আৰক্ষী সূত্রই সদৰী কৰিছে৷ আৰক্ষীৰ তদন্ত সম্পূর্ণ হোৱাৰ পাছতহে সকলো ৰহস্য পোহৰলৈ আহিব৷