নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনতে কেজৰিৱাললৈ দুখন চমন জাৰি ইডিৰ

🔹 দিল্লী জল ব’ৰ্ডৰ গোচৰ

বিশেষ বাৰ্তা, ১৮ মার্চ : একেদিনাই দুখন চমন প্রেৰণ কৰা হৈছে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাললৈ৷ আবকাৰী কেলেংকাৰিৰ গোচৰৰ পাছত এইবাৰ দিল্লী জল ব’ৰ্ডৰ গোচৰত জেৰাৰ বাবে কেজৰিৱালক তলব কৰিছে এনফ’ৰ্চমেণ্ট সঞ্চালকালয় (ইডি)–এ৷ আজি দিল্লীস্থিত ইডিৰ কার্যালয়ত হাজিৰ হ’বলৈ নির্দেশ দিয়া হৈছে কেজৰিৱালক৷ ইডিৰ এই চমনক বিজেপিৰ ‘ষড়যন্ত্র’ বুলি দাবী কৰিছে আম আদমী পার্টী (আপ)–এ৷ কেজৰিৱালক গ্রেপ্তাৰ কৰিবলৈ বিজেপিয়ে পৰিকল্পনা কৰিয়েই দিল্লী জল ব’ৰ্ডৰ গোচৰত মুখ্যমন্ত্রীগৰাকীলৈ ইডিয়ে চমন প্রেৰণ কৰা বুলি অভিযোগ কৰিছে আপে৷ উল্লেখনীয় যে কালি পুৱাৰ ভাগতে দিল্লীৰ আবকাৰী কেলেংকাৰিৰ গোচৰতো ইডিৰ চমন লাভ কৰিছে কেজৰিৱালে৷

You might also like