নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুখী দেশ

আধুনিক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ দ্বাৰা মানুহে জীৱন–যাপনৰ বাবে প্রয়োজনীয় সামগ্রীৰ লগতে সুবিধা গঢ়ি লৈছে৷ আদিম বদান্যতাৰ পৰা আধুনিক জীৱশ্রেষ্ঠ মানৱলৈ বিভিন্ন পর্যায়ৰ মাজেৰে আহি উপনীত হোৱাৰ পাছত মানৱ জাতিৰ মাজত সামাজিক, ধার্মিক, আর্থিক, সাংস্কৃতিক আদি বিভিন্ন বিষয় গঢ় লৈ উঠিছে৷ মানুহে জীৱন–যাপনৰ বাবে নিজৰ মতে সাজু কৰি লোৱা দিশসমূহ সঠিকভাৱে বর্তাই ৰখাৰ ক্ষেত্রত সদায়ে ব্যস্ত হৈ আছে৷ পৃথিৱীত কোনখন দেশৰ মানুহ অধিক সুখী তথা সুখেৰে বাস কৰি আছে তাক লৈও চর্চা চলে৷ ঠিক তেনেদৰে পৃথিৱীৰ কোনখন দেশ মানুহৰ বাসৰ বাবে অধিক উপযোগী হৈ আছে সেই সন্দর্ভতো সমীক্ষা চলোৱা হয়৷ পৃথিৱীত কোনখন দেশ সুখী তাক লৈ ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদত গৃহীত প্রস্তাৱ অনুসৰি ২০১১ চনৰ জুলাইৰ পৰাই বিশ্বৰ দেশসমূহৰ মাজত সুখৰ সূচাংক নির্ধাৰণ কৰা হয়৷ উক্ত চনৰে পৰা বিশ্বৰ কোনখন দেশ সুখী তাক লৈ তালিকা প্রকাশ কৰি আহিছে৷ ২০২৪ বর্ষৰ মার্চত প্রকাশিত বিশ্ব সুখৰ সূচাংক তালিকাত ফিনলেণ্ড বিশ্বৰ সবাতোকৈ সুখী দেশ হিচাপে চিহ্ণিত হৈছে৷ একেৰাহে ৬ বছৰ ধৰি ফিনলেণ্ড বিশ্বৰ সুখী দেশ হিচাপে স্বীকৃত হৈছে৷
বিশ্বৰ ১৩৪খন দেশৰ ভিতৰত সুখী দেশৰ তালিকা প্রস্তুত কৰোঁতে ১৪টা শিতানত সমীক্ষা চলোৱা হয়৷ এই ১৪টা শিতানত চলোৱা সমীক্ষাৰ ভিত্তিত দেশসমূহক ০ৰ পৰা ১০লৈ সূচাংক নির্ধাৰণ কৰা হয়৷ যিখন দেশে সূচাংকৰ ক্ষেত্রত সর্বাধিক মূল্যাংকন লাভ কৰে সেইখন দেশে সুখী দেশ হিচাপে স্বীকৃত হয়৷ দেশ এখনৰ জনসংখ্যাৰ আধাৰত চলোৱা সমীক্ষাৰ ১৪টা শিতান হৈছে বাণিজ্য আৰু অর্থনীতি, নাগৰিকৰ ব্যৱস্থাপনা, সংযোগ আৰু প্রযুক্তি, বিচিত্রতা (সামাজিক বিষয়), শিক্ষা আৰু পৰিয়াল, কল্যাণ, পৰিৱেশ আৰু শক্তি, খাদ্য আৰু আশ্রয়, চৰকাৰ আৰু ৰাজনীতি, আইন আৰু শৃংখলা, স্বাস্থ্য, ধর্ম আৰু বিচাৰধাৰা, পৰিবহণ আৰু কর্ম৷ এই ১৪টা শিতানত দেশখনত কি কি পৰিস্থিতি, কি কি পর্যায়, কেনে মান তাৰ ওপৰত গুৰুত্ব দিয়া হয়৷ অর্থাৎ দেশ এখনৰ সামাজিক ধার্মিক, আর্থিক, সাংস্কৃতিক, ৰাজনৈতিক আদিৰ স্থিতিৰ মূল্যাংকন কৰা হয়৷ এই মূল্যাংকনে দেশখনত মানুহৰ জীৱন–ধাৰণৰ ছবি এখনো প্রতিফলিত হয়৷ ১৪টা শিতানত চলোৱা সমীক্ষাৰ মূল্যাংকনত দেশৰ সূচাংক নির্ধাৰণ কৰা হয়৷ ২০২৪ বর্ষত বিশ্ব সুখৰ সূচাংকত ০–১০ৰ ভিতৰত ফিনলেণ্ডে ৭.৮০৪, ডেনমার্ক ৭.৫৮৬, আইচলেণ্ড ৭.৫৩৪, ইজৰাইল ৭.৪৭৩, নেদাৰলেণ্ডছ ৭.৪০৩, ছুইডেন ৭.৩৯৫, নৰৱে’ ৭.৩১৫, ছুইজাৰলেণ্ড ৭.২৪০, লুক্সেমবার্গ ৭.২২৮ আৰু নিউজিলেণ্ডে ৭.২২৮৷ উল্লিখিত ১০খন দেশ হৈছে তালিকাৰ শীর্ষত থকা ১০ সুখী দেশ৷ বিশ্বৰ সর্ববৃহৎ জনসংখ্যাৰ গণতান্ত্রিক দেশ ভাৰতৰ স্থানো অত্যন্ত চিন্তাজনক৷ বিশ্ব সুখৰ সূচাংক তালিকাত ১৪৬খন দেশৰ ভিতৰত ভাৰতৰ স্থান হৈছে ১২৬৷ ভাৰতৰ সূচাংক ৪.০৩৬৷ তালিকাত ভাৰতৰ স্থানেই এই কথা প্রতিফলিত কৰিছে যে মানুহৰ জীৱন–যাপনৰ বাবে প্রয়োজনীয় সকলোকেইটা দিশ তথা সমীক্ষাৰ বাবে চিহ্ণিত কৰা ১৪টা শিতানতে দেশখনৰ অৱস্থা তথৈবচ৷ বিশ্বৰ সুখী দেশ ফিনলেণ্ডৰ ৭.৮০৪ৰ বিপৰীতে ভাৰতৰ মাত্রা ৪.০৩৬৷ সুখী দেশ ফিনলেণ্ডৰ উচ্চমানৰ শিক্ষা, স্বাস্থ্যসেৱা আৰু সমগ্র মানৱ কল্যাণমূলক পদক্ষেপৰ বাবে তালিকাত বিগত ৬ বছৰ ধৰি শীর্ষ স্থানত আছে৷ ভাৰতে এইক্ষেত্রত ফিনলেণ্ডৰ শিক্ষা, স্বাস্থ্য আৰু মানৱ কল্যাণ বিষয়ৰ ওপৰত গুৰুত্ব দিয়াৰ প্রাসংগিকতাক নুই কৰিব নোৱাৰি৷ বিশ্ব সূচাংকৰ তালিকাত নিজৰ স্থান উন্নীত কৰিবলৈ হ’লে ভাৰতে মানৱ জীৱন–যাপনৰ বাবে অতি প্রয়োজনীয় দিশকেইটাৰ উত্তৰণ ঘটাব লাগিব৷ বিশেষকৈ শিক্ষা, স্বাস্থ্যৰ পৰা কর্মজীৱনৰ ভাৰসাম্য ৰক্ষা, জীৱনৰ মান, উপার্জন আৰু অর্থনৈতিক সুস্থিৰতা, সু–প্রশাসন, সাংস্কৃতিক প্রমূল্যবোধ, প্রকৃতিৰ সৈতে সম্পর্ক আদিৰ উত্তৰণৰ ক্ষেত্রত প্রাধান্য দিব লাগিব৷

You might also like