কর্কট ৰোগৰ সজাগতা
সমগ্র বিশ্বজুৰি কর্কট ৰোগ হ’ল মৃত্যুৰ অন্যতম কাৰক৷ সৌ সিদিনা কর্কট বা কেঞ্চাৰ বুলিলেই আতংকত ভোগা লোকৰ সংখ্যা ক্রমশঃ হ্রাস পাই আহিছে যদিও আক্রান্ত ৰোগীৰ সংখ্যা কমা নাই৷ চিকিৎসা বিজ্ঞানৰ চমকপ্রদ অগ্র্রগতিৰ ফলত এই ৰোগৰ প্রতি সম্প্রতি পূর্বৰ দৰে ভীতি পৰিলক্ষিত নহয়৷ তথাপি কর্কট ৰোগীৰ পৰিয়াল ব্যয়বহুল চিকিৎসাৰ হেঁচাত জর্জৰিত হৈ পৰে। আনহে নালাগে কোনো কোনো পৰিয়ালে চিকিৎসাৰ জোৰা মাৰিবলৈ মাটি–ভেটি হেৰুৱাই সর্বস্বান্তও হ’বলগীয়া হয়৷ চৰকাৰী আঁচনিয়ে কিছু পৰিমাণে সকাহ প্রদান কৰিবলৈ সক্ষম হৈছে যদিও আৰু বহু কৰণীয় আছে৷ চিকিৎসা বিজ্ঞানৰ উন্নতিৰ ফলত পূর্বতকৈ আৰোগ্যৰ হাৰ বৃদ্ধি হৈছে যদিও কর্কট ৰোগৰ সজাগতা আৰু শিক্ষাৰ বৃহৎ ব্যৱধান দেখা যায়৷ এই জটিল ৰোগৰ মোকাবিলা কৰিবলৈ উপযুক্ত সজাগতাৰ প্রয়োজন৷ ইয়াৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা (হু) আৰু ‘ইণ্টাৰনেচনেল এজেঞ্চী ফৰ ৰিছার্চ অন কেঞ্চাৰ’ (আইএআৰচি)–এ বিশ্ব কর্কট দিৱস উদযাপন কৰি আহিছে৷ ২০০০ চনত ইউনেস্কোৰ মুৰব্বীৰ উদ্যোগত ৪ ফেব্রুৱাৰীৰ দিনটোক বিশ্ব কর্কট দিৱস ৰূপে ঘোষণা কৰা হয়৷ বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিসংখ্যা অনুসৰি ভাৰতত ২০১৮ চনত ১১ লক্ষাধিক লোক কর্কট ৰোগত নতুনকৈ আক্রান্ত হোৱাৰ ফলত তেওঁলোকৰ মাজৰ ৭ লাখ ৮৪ হাজাৰ ৮০০জনে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়৷ উল্লেখনীয় যে জ্যেষ্ঠ নাগৰিকসকলৰ মাজত কর্কট ৰোগৰ প্রৱণতা অধিক৷ বিশেষকৈ ৬৫ বছৰ ঊর্ধ্বৰ ব্যক্তি এই ভয়াৱহ ৰোগত আক্রান্ত হোৱাৰ আশংকা সর্বাধিক৷ বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিসংখ্যা অনুসৰি ভাৰতত প্রতি ১০০জনৰ ভিতৰত ১০জন কর্কট ৰোগত আক্রান্ত৷ ধাৰণা কৰা হৈছে যে ২০৫০ চনলৈ এই সংখ্যা ১৬লৈ বৃদ্ধি পাব৷ এয়া নিঃসন্দেহে উদ্বেগজনক৷ সৌ সিদিনালৈ কর্কট ৰোগক কপালৰ লিখন বুলি ধৰা হৈছিল৷ বিজ্ঞানৰ জয়যাত্রাৰ যুগতো কর্কট ৰোগক লৈ জনসাধাৰণৰ সজাগতা আশাপ্রদ নহয়৷ ভাৰতৰ জনসাধাৰণৰ মাজত এইক্ষেত্রত সজাগতা বৃদ্ধিৰ বাবে ৭ নৱেম্বৰৰ দিনটো ৰাষ্ট্রীয় কর্কট সজাগতা দিৱস ৰূপে পালন কৰা হয়৷ কোষৰ দ্রুতগতিত অস্বাভাৱিক বৃদ্ধিৰ ফলত এই ৰোগে কম সময়ৰ ভিতৰতে ৰোগীক দুর্বল কৰি পেলায়৷ গতিকে কর্কট ৰোগৰ কাৰণ আৰু চিকিৎসা সম্পর্কে উপযুক্ত শিক্ষাৰে সজাগ হৈ থকাটো সময়ৰ আহ্বান৷ কাৰণ ইয়াৰ কবলত কোন কেতিয়া পৰিব পাৰে তাৰ কোনো নিশ্চয়তা নাই৷ সেইবাবে আগতীয়া সতর্কতাই কিছু পৰিমাণে হ’লেও প্রতিৰোধৰ বাট প্রশস্ত কৰিব পাৰে অথবা কর্কট আক্রান্ত ৰোগীক ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ মনোবল প্রদান কৰিব পাৰে৷
এই ৰোগৰ কাৰক সম্পর্কে চিকিৎসকসকল সম্পূর্ণৰূপে নিশ্চিত হ’ব পৰা নাই যদিও অস্বাস্থ্যকৰ জীৱনশৈলী আৰু পৰিৱেশ প্রদূষণ বহু পৰিমাণে দায়ী বুলি মত পোষণ কৰিছে৷ মেদবহুলতা, অলস–পৰিশ্রমশূন্য জীৱন, প্রচুৰ পৰিমাণে প্রক্রিয়াজাত খাদ্য গ্রহণ আৰু দীর্ঘদিনীয়া মানসিক হেঁচাৰ ফলত কর্কট ৰোগে শৰীৰত বাহ লোৱাৰ বাবে যথেষ্ট ভূমিকা গ্রহণ কৰে বুলি চিকিৎসকসকলে ধাৰণা কৰে৷ তেওঁলোকৰ মতে আগতীয়া সতর্কতাই ৪০–৫০ শতাংশ কর্কট ৰোগ প্রতিৰোধ কৰিব পাৰে৷ নাম শুনিলেই উচপ খাই উঠা পৰিস্থিতিৰ অৱসান হোৱা বাঞ্ছনীয়৷ আমাৰ কথোপকথন এইক্ষেত্রত স্বাভাৱিক হোৱাটো নিতান্তই প্রয়োজনীয়৷ মানসিক স্বাস্থ্যৰ আলোচনাৰ দৰেই এই ৰোগৰ আলোচনা হ’ব লাগে৷ বিদ্যালয় স্তৰৰ পৰাই বিত্তীয় সাক্ষৰতাৰ লগতে কর্কট সাক্ষৰতাও প্রচলন কৰা ভাল৷ ছাত্র–ছাত্রীসকলে কম বয়সৰ পৰাই জনা দৰকাৰ যে সুৰা হ’ল কর্কট সৃষ্টিৰ অন্যতম উপাদান৷ ছানস্ক্রীন আৰু এইচপিভি ভেকচিনৰ উদ্ভৱ হ’ল কর্কট প্রতিৰোধৰ উপায়৷ ইয়াৰ লগতে কর্কট সৃষ্টিৰ অন্যান্য কাৰক, যেনে– কম সময়ত অত্যধিক ওজন হ্রাস আৰু মলাশয়ৰ ৰক্তক্ষৰণ আদি বিষয়েও শিক্ষার্থীসকলক জ্ঞান দিব লাগে৷ ইয়াৰ উপৰি নিয়োগকাৰী, বীমা কোম্পানী আৰু চৰকাৰে কর্কট প্রতিৰোধৰ ক্ষেত্রত যাতে জনস্বাস্থ্যৰ কথা ভাবি অগ্রাধিকাৰ প্রদান কৰে তাৰ বাবে দল–সংগঠনে হেঁচা দিব লাগে৷ উন্নত চিকিৎসা সেৱাৰ ব্যয়বহুলতা কেনেদৰে হ্রাস কৰিব পৰা যায় সেই বিষয়েও চৰকাৰে গুণাগঁথা কৰা আৱশ্যক৷ সম্প্রতি ৰাজ্যখনত কর্কট ৰোগৰ চিকিৎসাৰ বাবে বহুকেইটা পদক্ষেপ চৰকাৰে গ্রহণ কৰি ৰাজ্যিক কর্কট চিকিৎসালয় স্থাপন কৰি ছুপাৰ স্পেচিয়েলিটী সুবিধা প্রদান কৰাটো আদৰণীয় পদক্ষেপ৷ ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসক সমন্বিতে চিকিৎসা খণ্ডৰ সৈতে জড়িত বৃত্তিধাৰী লোক, বিভিন্ন বেচৰকাৰী সংগঠনে মাজে–সময়ে কর্কট সজাগতা শিবিৰৰ আয়োজন কৰাৰ লগতে এইক্ষেত্রত সজাগতা বৃদ্ধিৰে জনজাগৰণ সৃষ্টি কৰাটো আৱশ্যকীয় হৈ পৰিছে৷ স্বাস্থ্য ৰক্ষাৰ নিয়মসমূহ পালন কৰা, ওজন ঠিকে ৰখা, ধূমপান–সুৰাপানৰ পৰা আঁতৰত থকা, ছালৰ সংক্রমণ ৰোধ কৰা, পুষ্টিকৰ খাদ্য গ্রহণ কৰা, যিকোনো স্বাস্থ্যজনিত সমস্যাই দেখা দিয়াৰ লগে লগে চিকিৎসকৰ কাষ চপা, পৰিমিত পৰিশ্রম আৰু ব্যায়াম কৰা, নিয়মিত খোজকঢ়া আদিৰ দৰে কথাবোৰলৈ চকু ৰাখিব লাগে৷ উল্লেখনীয় যে ৰোগ মুক্তিয়েই একমাত্র লক্ষ্য নহয়, বৰঞ্চ আক্রান্ত হোৱাৰ পাছত ৰোগীৰ জীৱনত প্রত্যেক ক্ষণক উপলব্ধি কৰি যথাযথ ব্যৱস্থা গ্রহণ কৰাটোও চিকিৎসকৰ অন্যতম কর্তব্য৷ ৰোগীক পার্যমানে সাহস দিব লাগে আৰু তেওঁক মনোবল বৃদ্ধিৰ বাবে ইচ্ছশক্তি যে কর্কট ৰোগতকৈ অধিক শক্তিশালী সেই কথা বুজাই দিয়া দৰকাৰ৷ প্রতি সৰু মুহূর্ত উপভোগ কৰিবলৈ শিকাব লাগে, যাতে ইতিবাচক মনোভাব গঢ়ি উঠে৷ আমি এই বার্তা বিয়পাব লাগে যে কর্কট ৰোগে বহু জীৱন কাঢ়ি নিছে, কিন্তু সচেতনতাই লাখ লাখ জীৱন ৰক্ষা কৰিব পাৰে৷