বুধবাৰৰ পুৱাৰে পৰা হঠাৎ স্থৱিৰ প্ৰায় হৈ পৰে নগৰবেৰা গুৱাহাটী ৰাজপথ। নগৰবেৰাৰ পৰা ধূপধৰা সংযোগী পথৰ জামলাই বাদুচা তেল ডিপ’ৰ পৰা হেকৰা পৰ্যন্ত পকী ৰাজপথ পথাৰৰ বোকাৰে লুটুৰিপুটুৰি হোৱাত যান-বাহনকে আদি কৰি পথচাৰীৰ আহযাহ একেবাৰেই বন্ধ হোৱাৰ উপক্ৰম ঘটাত সকলোৰে মাজত হুৱাদুৱা লাগে।
স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, গুৱাহাটী অভিমুখী যাত্ৰীবাহী বাহনসমূহ, বিভিন্ন মালবাহী সৰু-বৰ বাহন আনকি এম্বুলেন্স পৰ্যন্ত ৰাজপথৰ ওপৰতেই ঘণ্টাৰ পাছত ঘণ্টা আৱদ্ধ হৈ পৰে, বহু দূৰলৈকে আৱদ্ধ যান-বাহনৰ দীঘলীয়া লানি দেখা যায়।
উল্লেখ্য যে জামলাই পথাৰৰ পৰা ট্ৰেক্টৰৰ ট্ৰেইলাৰেৰে ধানৰ ডাঙৰি কঢ়িওৱাৰ ফলত পথাৰৰ আঠালিকটীয়া চকাৰ মাটিবোৰ পকী পথত লাগি ডাঠ চামনি বান্ধি নিশাৰ বৰষুণত যাতায়তৰ ক্ষেত্ৰত পথটি বিপজ্জনক ভাবে পিছল হৈ পৰে।
অৱশেষত দুৰ্ঘটনাৰ আশংকা ঘণীভূত হোৱাত ততালিকে নগৰবেৰা আৰক্ষী থানাৰ অ’চি হৰজিৎ দাস, ৰাজহ চক্ৰ বিষয়া মৃগাক্ষী দাস আদিৰে যোগাযোগ কৰা হয়। ইতিমধ্যে বিষয়টো কেনেবাকৈ সমষ্টিৰ বকো ছয়গাওঁ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ৰাজু মেছৰ কৰ্ণগোচৰ হয় আৰু সেইমৰ্মে বিধায়ক গৰাকীয়ে স্থানীয় প্ৰশাসনক কৰা নিৰ্দেশ মৰ্মে একাধিক ট্ৰেক্টৰৰ পাছফালে ব্লেড লগাই ৰাজপথ মৈয়াই পথৰ বোকাবোৰ আঁতৰোৱাৰ দিহা কৰা হয়।
শপতগ্ৰহণৰ ধামখুমীয়া মাৰ নাযাওঁতেই সমষ্টিবাসীৰ এনে যাতায়ত বিপৰ্যয়ৰ প্ৰতি দেখুওৱা বিধায়কগৰাকীৰ তৎপৰতাত বিধায়কগৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে প্ৰতিজন পথচাৰীৰ লগতে অঞ্চলবাসী। সকলোৱে আজি একমুখে কৈছে- “বিধায়ক হো তো এইচ্যা ”।
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৩ মে’