নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলৰ প্ৰথম কোৱালিফায়াৰত কাইলৈ গুজৰাট-চেন্নাই

বিশেষ বাৰ্তা, ২২ মেঃ চলিত আইপিএলৰ প্রথম কোৱালিফায়াৰ মেচখন কাইলৈ চেন্নাইত অনুষ্ঠিত হ’ব৷ মুখামুখি হব গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছ৷ মেচখনত গুজৰাটকে ফেভাৰিট আখ্যা দিয়া হৈছে৷ হার্দিক বাহিনীয়ে প্রতিযোগিতাখনত পইণ্ট তালিকাৰ শীর্ষস্থান দখল কৰিছে৷ বিপৰীতে চেন্নাইয়ে সময়সংখ্যক মেচৰ ৮খনত জয়, ৫খনত পৰাজয় আৰু এখন বৰষুণৰ বাবে পৰিত্যক্ত হোৱাত মুঠ ১৭ পইণ্টৰে দ্বিতীয় স্থান অধিকাৰ কৰে৷ কাইলৈ এই মেচখনৰ বাবে চেন্নাই বাহিনীয়ে বিশেষ ৰণ নীতিৰে খেলপথাৰত নামিব৷ কিয়নো প্রতিযোগিতাখনৰ ইটোৰ পিছত সিটো দর্শনীয় ইনিংছ খেলি চমক সৃষ্টি কৰা গুজৰাটৰ শুভমন গিলক লৈ বিশেষ ৰণনীতি তৈয়াৰ কৰিছে ধোনী ব্রিগেডে৷ দেওবাৰে আৰচিবিৰ বিপক্ষে দর্শনীয় অপৰাজিত শতকীয় ইনিংছ খেলি গুজৰাটৰ জয়ত মুখ্য ভূমিকা লোৱা শুভমন গিলক কাইলৈ আগতীয়াকৈ বিদায় দিয়াৰ ৰণ নীতি তৈয়াৰ কৰিছে ধোনীবাহিনীয়ে৷ শুভমন গিলৰ লগতে দলটোত ডেভিদ মিলাৰ, হার্দিক পাণ্ডিয়া, ঋদ্ধিমান সাহা, ৰছিদ খানকে ধৰি কেবাগৰাকীও তাৰকা খেলুৱৈ দলটোত আছে৷ কাইলৈৰ মেচখনৰ সন্দর্ভত চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক ধোনীয়ে কয় যে কাইলৈ কোৱালিফায়াৰ মেচখন অধিক কঠিন হ’ব৷ হার্দিকৰ নেতৃত্বত দলটোৱে প্রতিযোগিতাখনৰ যথেষ্ঠ উন্নত প্রদর্শন দাঙি ধৰি আহিছে৷ দলটোত কেবাগৰাকী তাৰকা খেলুৱৈ আছে৷ গিলৰ প্রদর্শনে আমাক কিছু চাপত ৰাখিছে৷ গতিকে আমি গুজৰাটৰ প্রতিগৰাকী খেলুৱৈৰ বিৰুদ্ধে বিশেষ ৰণনীতিৰে নামিব লাগিব৷ মেচখনত জয়লাভ কৰাটো সহজ নহ’ব বুলি উল্লেখ কৰি ধোনীয়ে লগতে কয় যে মেচখনৰ টছত জয়লাভ কৰিলে বেটিং কৰাৰ সিদ্ধান্ত গ্রহণ কৰিব আৰু বৃহৎ স্ক’ৰ থিয় কৰি বিপক্ষ দলটোক চাপত ৰখাটোৱে তেওঁলোকৰ প্রধান লক্ষ্য৷ কাইলৈৰ এই গুৰুত্বপূর্ণ মেচখনত সতীর্থসকলৰ পৰা উন্নত প্রদর্শন আশা ব্যক্ত কৰি অধিনায়ক ধোনীয়ে লগতে কয় যে অ’পেনিং যুটীয়ে আক্রমণাত্মক আৰম্ভণি কৰিব পাৰিলে আমি গুজৰাটৰ সন্মুখত বৃহৎ লক্ষ্য বান্ধি দিবলৈ সক্ষম হ’ম৷ অৱশ্যে বেটাৰসকলৰ লগতে বলাৰসকলেও উন্নত বলিং প্রদর্শন কৰিব লাগিব বুলি ধোনীয়ে কয়৷

You might also like