নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেৰগাঁৱৰ আৰক্ষী একাডেমীত কমাণ্ডেণ্ট সন্মিলনত অংশগ্রহণ মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ২২ মেঃ অসম আৰক্ষীৰ আধুনিকীকৰণৰ অংশ হিচাপে আজি দেৰগাঁৱৰ আৰক্ষী প্রশিক্ষণ কেন্দ্রত অনুষ্ঠিত প্রথমখন কমাণ্ডেণ্ট সন্মিলনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে৷ অসম আৰক্ষীৰ বেটেলিয়নক অধিক গতিশীল কৰাৰ উদ্দেশ্যৰে এই সন্মিলনৰ আয়োজন কৰা হৈছে৷ সন্মিলনত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে কমাণ্ডেণ্ট আৰু অসম আৰক্ষী বেটেলিয়নৰ গুৰুত্বপূর্ণ ভূমিকাৰ কথা বিবেচনা কৰি প্রতি ছমাহৰ অন্তৰে অন্তৰে কমাণ্ডেণ্ট সন্মিলনৰ আয়োজন কৰা হব৷ বেটেলিয়নসমূহৰ ইতিবাচক পৰিৱর্তন সাধন কৰি ৰাজ্যখনৰ আৰক্ষী বাহিনীক অধিক শক্তিশালী কৰিব বিচৰা হৈছে৷ মুখ্যমন্ত্রীয়ে কয় যে অসম আৰক্ষী বেটেলিয়ান পুলিচিং ব্যৱস্থাটোৰ মেৰুদণ্ড স্বৰূপ৷ তেওঁ লগতে কয় যে জিলা ভ্রমণ কৰাৰ সময়ত তেওঁ বেটেলিয়নসমূহলৈ যাব৷ প্রশিক্ষণে অধিক দক্ষ কৰি তোলাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে আৰক্ষী জোৱানক পেছাদাৰিত্বৰে আগুৱাই নিয়াৰ দিশত সহায়ক হোৱাকৈ অৱসৰপ্রাপ্ত সেনাবাহিনীৰ বিষয়াক অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পদত নিযুক্তি দিয়া হব যাতে এই প্রশিক্ষণৰ মাধ্যমেৰে আধুনিকীকৰণৰ দিশলৈ লৈ যাব পৰা যায়৷ অপৰাধজনিত ঘটনাৰ পৰিৱর্তিত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত সহায়ক হোৱাকৈ আৰক্ষী জোৱানসকলক এই বিষয়াগৰাকীয়ে প্রশিক্ষণ প্রদান কৰিব৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে বিভিন্ন বেটেলিয়নৰ আৰক্ষী জোৱানসকলক যাতে অন্য কোনো কামত ব্যৱহাৰ কৰা নহয়, মাত্রা একান্তভাৱে নিজৰ দায়িত্ব পালন কৰিব পাৰে সেই দিশতো গুৰুত্ব দিয়া হব৷  মুখ্যমন্ত্রীয়ে কয় যে বেটেলিয়ন বাহিনীৰ মানসিকতাৰ ইতিবাচক পৰিৱর্তন সাধন কৰা হব, যাতে কমাণ্ডেণ্ট আৰু বিভিন্ন বেটেলিয়ন বাহিনীৰ লোকসকলে অসম আৰক্ষীৰ অবিচ্ছেদ্য অংশ বুলি অনুভৱ কৰিব পাৰে৷ অসম আৰক্ষী বেটেলিয়নে যাতে ৰাজ্যৰ আইন শৃংখলা সম্পূর্ণভাৱে মোকাবিলা কৰিব পাৰে  তাৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰা হব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ মুখ্যমন্ত্রীয়ে কয় যে অতি দক্ষ আৰু পেছাদাৰী আৰক্ষী বিষয়াক কমাণ্ডেণ্ঢ হিচাপে নিযুক্তি দিয়াৰ বাবে পদক্ষেপ গ্রহণ কৰা হব৷ মুখ্যমন্ত্রীয়ে কয় যে এক বিশেষ লক্ষ্যৰে প্রতিটো বেটেলিয়নকে গঢ়ি তোলাত সহায়ক হোৱাকৈ ৰাজ্য চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব৷ ৰাজ্যৰ জনসাধাৰণক উৎকর্ষিত মনোভাৱেৰে সেৱা আগববাব পাৰে তাৰ বাবেও ব্যৱস্থা কৰা হব বুলি তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে প্রতিটো বেটেলিয়ানে ইয়াৰ প্রতিষ্ঠা দিৱস উদ্যাপনত বেটেলিয়নৰ জোৱানসকলে যাতে নিজৰ প্রতিভা যেনে তর্ক, আকস্মিক বক্তৃতা, কলা আদি প্রদর্শন কৰিব পাৰে  তাৰ পর্যাপ্ত সুযোগ দিব লাগে৷ মুখ্যমন্ত্রীয়ে কয় যে প্রতিটো বেটেলিয়নৰ চৌহদত যাতে একোখনকৈ ভাল বিদ্যালয় থাকে যত নিযুক্তিপ্রাপ্ত শিক্ষকৰ লগতে বেটেলিয়নত নিযুক্ত হোৱা দক্ষ আৰু প্রতিভাৱান আৰক্ষী জোৱানৰো সেৱা ব্যৱহাৰ কৰিব পৰা যায় তাৰ বাবেও চৰকাৰে পদক্ষেপ গ্রহণ কৰিব৷ তেওঁ কয় যে আৰক্ষী বাহিনীৰ লোকসকলৰ সুবিধা হোৱাকৈ সকলো বেটেলিয়নতে ভাল হাউচিং কলনী থাকিব লাগে৷
অসম আৰক্ষীৰ জোৱানসকলৰ ক্রীড়া আৰু সাংস্কৃতিক প্রতিভা প্রদর্শনৰ সুযোগ দিয়াৰ উদ্দেশ্যৰে অহা নৱেম্বৰ মাহত অসম পুলিচ মীট অনুষ্ঠিত হব৷ ইয়াৰ আগতে মুখ্যমন্ত্রীয়ে আৰক্ষী প্রশিক্ষণ কেন্দ্রত উপস্থিত হোৱাৰ লগে লগে গার্ড অৱ অনাৰ গ্রহণ কৰি লাচিত বৰফুকন আৰক্ষী প্রশিক্ষণ একাডেমীত অনুষ্ঠিত হোৱা আনুষ্ঠানিক পেৰেডো পৰিদর্শন কৰে৷ লগতে তেওঁ ২০২০-২১ চনৰ প্রশিক্ষণৰ সময়ত পাৰদর্শিতা প্রদর্শন কৰা অসম আৰক্ষীৰ ৫গৰাকী জোৱানক কেন্দ্রীয় গৃহমন্ত্রী সেৱাপদক প্রদান কৰে৷ দুয়োটা অনুষ্ঠানতে অসম আৰক্ষীৰ সঞ্চালক প্রধান জি পি সিং, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহা, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্রধান সচিব নিৰজ বার্মা, বিশেষ আৰক্ষী সঞ্চালক প্রধান হৰমিত সিং আৰু অন্যান্য শীর্ষ আৰক্ষী বিষয়াসকল উপস্থিত থাকে৷
You might also like