নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল : কাইলৈ লণ্ডনলৈ কেইবাগৰাকী তাৰকা

বিশেষ বাৰ্তা, ২২ মেঃ ৭ জুনত অষ্ট্রেলিয়াৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অৱতীর্ণ হ’ব ভাৰত৷ ইয়াৰ প্রস্তুতিৰ বাবে কাইলৈ পুৱা লণ্ডন অভিমুখে ৰাওনা হ’ব কোহলি৷ কাইলৈ পুৱা ৪.৩০ বজাৰ বিমানত লণ্ডনলৈ উৰা মাৰিব তেওঁ৷ একেখন বিমানতে যাব আৰচিবিৰ সতীর্থ মহম্মদ চিৰাজো৷ ৰাজস্থান, কলকাতা, দিল্লীয়ে বিদায় লোৱাৰ বাবে একেখন বিমানতে ৰবিচন্দ্রন অশ্বিন, অক্ষৰ পেটেল আৰু চার্দুল ঠাকুৰো যাব৷ তদুপৰি লণ্ডনলৈ যাব ৰাহুল দ্রাবিড় আৰু সহায়ক ষ্টাফ৷ ব’ৰ্ডৰ এক সূত্রই জনোৱা মতে দলটো দুই বা তিনিটা ভাগত লণ্ডনলৈ যাব৷ কাইলৈ পুৱা প্রথমটো দল লণ্ডন অভিমুখে ৰাওনা হ’ব৷ আইপিএলৰ প্লে অফত স্থান লাভ কৰাৰ বাবে ভাৰততে থাকিব ৰোহিত শর্মা, ঈশান কিশন, শুভমন গীল, মহম্মদ ছামি, কে এছ ভৰত আৰু আজিংক্য ৰাহানে৷ ইংলেণ্ডতে কাউণ্টি ক্রিকেট খেলি আছে পূজাৰাই৷ আনহাতে বিৰাট কোহলিৰ আঘাতক লৈ উদ্বিগ্ন হৈ পৰিছে টীম ইণ্ডিয়া৷ চলিত আইপিএলৰ দেওবাৰে নিশা গুজৰাট টাইটানছৰ বিপক্ষে খেলা মেচখনত এটা কেচ আয়ত্ত কৰিবলৈ গৈ আঁঠুত আঘাত পাইছিল কোহলিয়ে৷ পিছত খোজ কঢ়াত অসুবিধা অনুভৱ কৰাত তাৰকা বেটাৰগৰাকীয়ে খেলপথাৰৰ বাহিৰলৈ আহে৷ পৰৱর্তী সময়ত কোহলিয়ে ফিল্ডিং কৰাৰ বাবে খেলপথাৰত প্রৱেশ নকৰিলে৷  মেচখনলৈ মাজতে মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত কোহলিৰ এই আঘাতে চিন্তিত কৰি ৰাখিছে ভাৰতীয় শিবিৰক৷

You might also like