নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হৰমুজ : ইৰানক শুল্ক দিলেই কঠোৰ নিষেধাজ্ঞা

ডিজিটেল ডেস্ক, ৪ মে’ : ক্ষেপণাস্ত্রৰ যুদ্ধ আপাততঃ বন্ধ৷ কিন্তু হৰমুজ প্রণালীৰ ওপৰত দখলীস্বত্বক লৈ জলযুদ্ধ অব্যাহত৷ দেওবাৰে আন্তঃৰাষ্ট্রীয় জাহাজ সংস্থাসমূহক হুমকি দিলে মার্কিন যুক্তৰাষ্ট্রই৷ নিৰাপদ জলযাত্রাৰ বাবে ইৰানক শুল্ক দিলেই কঠিন নিষেধাজ্ঞা আৰোপ কৰা হ’ব বুলি জনালে আমেৰিকাই৷

যুদ্ধবিৰতিৰ পিছৰে পৰা তেহৰানৰ ওপৰত বিভিন্ন প্রকাৰে আর্থিক চাপ সৃষ্টি কৰিবলৈ বিচাৰিছে আমেৰিকাই৷ সেইমর্মে এইবাৰ আন্তঃৰাষ্ট্রীয় জাহাজ কোম্পানীসমূহক সাৱধানবাণী শুনালে ট্রাম্প প্রশাসনে৷ দেওবাৰে ইউএছ অফিচ অৱ ফৰেইন এছেট কন্ট্ৰ’ল, চমুকৈ অ’এফএচিয়ে এক নির্দেশনা জাৰি কৰিছে৷ তাত কোৱা হৈছে যে পূর্বে মার্কিন নাগৰিক তথা সংস্থাসমূহৰ ওপৰত ইৰানৰ চৰকাৰী সংস্থাসমূহক শুল্ক প্রদান নিষিদ্ধ কৰা হৈছিল৷ এইবাৰ আনসকলেও ইৰানক ধন প্রদান কৰিলে নিষেধাজ্ঞাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে৷

উল্লেখ কৰা হৈছে যে ইৰানৰ বন্দৰত যাতায়াতকাৰী জাহাজসমূহৰ মালিকানা থকা সংস্থাসমূহে মার্কিন নিষেধাজ্ঞাৰ কবলত পৰিব পাৰে৷ ইৰানৰ সৈতে আমেৰিকাৰ সংঘাত ৰোধ কৰিবলৈ মধ্যস্থতা কৰিছে পাকিস্তানে৷ তেওঁলোকৰ জৰিয়তে পঠিওৱা ইৰানৰ অন্তিমটো শান্তি প্রস্তাৱ প্রত্যাখ্যান কৰিছে ট্রাম্পে৷ তেওঁ জনাইছে যে ৱাশ্বিংটনে নির্ধাৰিত সময়ৰ পূর্বে তাৰ পৰা আঁতৰি নাযাব৷ কাৰণ তেওঁলোকে নিবিচাৰে যে তিনি বছৰ পিছত পুনৰ একেধৰণৰ সমস্যাৰ সৃষ্টি হওক৷

লগতে তেহৰানক আক্রমণ কৰি মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে কয়- ‘তেওঁলোকৰ নেতৃত্ব একেবাৰেই অসংগঠিত, সকলোৱেই বুজাবুজিত উপনীত হ’বলৈ বিচাৰে, কিন্তু নিজৰ ভিতৰতে চৰম বিশৃংখলা৷’ এইধৰণৰ অৰিয়াঅৰিৰ মাজতে আন্তঃৰাষ্ট্রীয় জাহাজ সংস্থাসমূহক হৰমুজ প্রণালীৰে জাহাজ পাৰ কৰাৰ ক্ষেত্রত ইৰানক শুল্ক দিলে কঠিন নিষেধাজ্ঞাৰ সন্মুখীন হ’ব লাগিব বুলি সাৱধানবাণী শুনালে মার্কিন যুক্তৰাষ্ট্রই৷

শনিবাৰে সংবাদ মাধ্যমক দিয়া এটা সাক্ষাৎকাৰত ইৰানৰ সেনা বিষয়া মহম্মদ জাফৰ আছাদিয়ে কয়- ‘ইৰান আৰু আমেৰিকাৰ মাজত নতুনকৈ সংঘাত আৰম্ভ হোৱাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ আমেৰিকা এতিয়া নিজেই গঢ়ি তোলা সমস্যা সমাধান কৰিবলৈ তৎপৰ৷ তেওঁলোকৰ বর্তমানৰ কাম-কাজ আৰু বিবৃতিসমূহ কেৱল প্রচাৰমূলক৷’ তেওঁ আৰু কয়- ‘মার্কিন সশস্ত্র বাহিনীয়ে যদি নতুনকৈ কোনো দুঃসাহসিক অভিযান চলাই মূর্খামিৰ পৰিচয় দিয়ে, তেনেহ’লে তাৰ কঠোৰ উত্তৰ দিবলৈ আমি প্রস্তুত৷’

আনহাতে, ইৰানৰ এই হুমকিৰ ওলোটা প্রতিক্রিয়া দিছে মার্কিন ৰাষ্ট্রপতিগৰাকীয়েও৷ শনিবাৰে ফ্ল’ৰিডাত সাংবাদিকৰ আগত তেওঁ কয়- ‘ইৰানৰ প্রস্তাৱটো পর্যালোচনা কৰিছোঁ৷ কিন্তু সেইটো গ্রহণযোগ্য নহয়৷ কোনো অসভ্যতা কৰিলে ইৰানত পুনৰ গোলাবর্ষণ আৰম্ভ কৰিব আমেৰিকাই৷’

You might also like