নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ অবৈধ মৎস্য চিকাৰে মাতিছে বিপদ

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ চীনৰ অবৈধ মৎস্য চিকাৰ অভিযানে বিভিন্ন দেশৰ অর্থনীতি তথা পৰিৱেশলৈ কঢ়িয়াই আনিছে বিপদ৷ চীনৰ এই অবৈধ মৎস্য চিকাৰ অভিযানৰ ফলত উন্নয়নশীল দেশ তথা উপকূলীয় ৰাষ্ট্রসমূহৰ অর্থনীতিলৈ নামি আহিছে ভাবুকি৷

লক্ষণীয়ভাৱে এই অবৈধ মৎস্য চিকাৰে বিভিন্ন দেশৰ উপকূলীয় অঞ্চলৰ দুষ্প্রাপ্য প্রজাতিৰ প্রাণীকুললৈ নমাই আনিছে বিপদ৷ ইতিমধ্যে লেটিন আমেৰিকা আৰু পশ্চিম আফ্রিকাৰ বিভিন্ন দেশে চীনৰ এই অবৈধ মৎস্য চিকাৰ অভিযানৰ বিৰুদ্ধে আপত্তি দর্শাইছে৷

You might also like