বাংলাদেশত ভাৰতীয় ভিছা কেন্দ্র বন্ধ কৰিলে ভাৰতে…
নিউজ ডেস্ক, ১৮ ডিচেম্বৰ : ‘নিৰাপত্তাজনিত কাৰণ’ দেখুৱাই ঢাকাত থকা ভাৰতীয় ভিছা আবেদন কেন্দ্র বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে নতুন দিল্লীয়ে৷ বাংলাদেশৰ ইণ্ডিয়ান ভিছা এপ্লিকেচন চেণ্টাৰ (আইভাক) চেণ্টাৰৰ তৰফৰ পৰা এটা বিবৃতিযোগে এই কথা জনোৱা হৈছে৷ অৱশ্যে কেতিয়ালৈ এই কেন্দ্রটো বন্ধ থাকিব সেই বিষয়ে বিবৃতিত উল্লেখ কৰা হোৱা নাই৷ কেৱল কোৱা হৈছে যে যিসকল ভিছা আবেদনকাৰীয়ে বুধবাৰৰ বাবে শ্লট বুক কৰিছিল তেওঁলোকৰ বাবে নতুন তাৰিখ আৰু সময় নির্ধাৰণ কৰা হ’ব৷
ভিছা কেন্দ্র বন্ধ ৰখাৰ কাৰণ হিচাপে বর্তমানৰ নিৰাপত্তা পৰিস্থিতিৰ কথা কোৱা হ’লেও বিতংকৈ একো জনোৱা হোৱা নাই৷ স্বাভাৱিকতেই বিষয়টোক লৈ বিশেষ কৌতূহলৰ সৃষ্টি হৈছে৷ এই ঘটনা চক্রত বুধবাৰে দিল্লীত নিযুক্ত বাংলাদেশৰ ৰাষ্ট্রদূত এম ৰিয়াজ হামদুল্লাক তলব কৰিছে ভাৰতৰ বিদেশ মন্ত্রালয়ে৷
সংবাদ প্রতিষ্ঠানৰ বাতৰি মতে, বাংলাদেশৰ বৈষম্যবিৰোধী ছাত্র আন্দোলনৰ নেতাসকলৰ একাংশৰ দল জাতীয় নাগৰিক পার্টীৰ (এনচিপি) নেতা হাছনাট আব্দুল্লাৰ ভাৰতবিৰোধী বক্তৃতাৰ পৰিপ্রেক্ষিতত দেশখনৰ ৰাষ্ট্রদূতগৰাকীক তলব কৰা হৈছে৷
উল্লেখ্য যে অলপতে হাছনাতে তেওঁৰ বক্তৃতাত ছেভেন ছিষ্টার্ছক (উত্তৰ–পূব ভাৰতৰ সাতোখন ৰাজ্য) ভাৰতৰ মানচিত্রৰ পৰা পৃথক কৰি দিয়াৰ আহ্বান জনায়৷ কেৱল সেয়াই নহয়, উত্তৰ–পূব ভাৰতৰ বিচ্ছিন্নতাবাদীসকলক আশ্রয় দিয়াৰ কথাও তেওঁ উল্লেখ কৰে৷ তাৰ পিছতেই ঢাকাত থকা ভাৰতীয় দূতাৱাসৰ নিৰাপত্তাক লৈ উদ্বেগ প্রকাশ কৰে ভাৰত চৰকাৰে৷ এনে সময়তে ঢাকাৰ ভিছা কেন্দ্র বন্ধ ৰখাৰ সিদ্ধান্ত তাৎপর্যপূর্ণ হিচাপে বিবেচনা কৰা হৈছে৷
নিৰাপত্তাজনিত কাৰণটো আচলতে কি তাক যিদৰে নতুন দিল্লী বা ভিছা কেন্দ্রৰ তৰফৰ পৰা স্পষ্ট কৰা হোৱা নাই, তেনেদৰে মহম্মদ ইউনিছ প্রশাসনৰ তৰফৰ পৰাও এই বিষয়টো সম্পর্কত একো কোৱা নাই৷ অহা ১২ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব বাংলাদেশৰ জাতীয় সংসদৰ নির্বাচন৷ তাৰ পূর্বেই দেশখনত সৃষ্টি হৈছে অশান্তি৷