নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰৈ থকা বাছত ট্রাকৰ খুন্দা : ১১জন তীর্থযাত্রী নিহত

বিশেষ বাৰ্তা, ২৬ মে’ : উত্তৰ প্রদেশত মর্মান্তিক পথ দুর্ঘটনা৷ এখন পার্ক কৰি ৰখা বাছত ট্রাকে খুন্দিওৱাৰ ফলত ১১গৰাকী লোক নিহত হয়৷ আহত হয় অন্য ১০গৰাকী৷ কালি নিশা এই শোকাৱহ দুর্ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, নিশা গোলা বাইপাছ ৰোডৰ চাহজাহানপুৰৰ এখন ধাবাত ৰৈছিল বেচৰকাৰী বাছখন৷ পূর্ণগিৰিৰ পৰা সীতাপুৰ অভিমুখে গৈছিল বাছখন৷ হঠাতে বাছখনত আহি পাথৰভর্তি ট্রাক এখনে খুন্দা মাৰে৷ লগে লগে বাছখন বাগৰি পৰে পথত৷ ঘটনাস্থলীতে কেইবাগৰাকীও যাত্রী নিহত হয়৷ তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল৷ প্রায় ৩ ঘণ্টা ধৰি উদ্ধাৰকার্য চলোৱা হয়৷ বাছখনত আছিল তীর্থযাত্রী৷ বহু তীর্থযাত্রীৰ শৰীৰ ট্রাকৰ চেপাত চিনিব নোৱাৰা হৈ পৰে৷ নিহতসকলৰ অধিকসংখ্যকেই শিশু আৰু মহিলা৷ চাহজাহানপুৰৰ আৰক্ষী অধীক্ষক অশোক কুমাৰ মীনাই উল্লেখ কৰা অনুসৰি, বাছখনৰ কেইগৰাকীমান যাত্রীয়ে নামি গৈ ধাবাত খাদ্য খাই আছিল৷ বাকীসকল বাছতেই বহি আছিল৷ তেতিয়াই ট্রাকখনে প্রচণ্ড জোৰে খুন্দা মৰাৰ ফলত বাছখন বাগৰি পৰে৷ আহত লোকসকলক হাস্পতালত চিকিৎসা প্রদান কৰি থকা হৈছে৷

You might also like