বিশ্বৰ সামৰিক শক্তিধৰ ৰাষ্ট্রৰ তৃতীয় স্থানত ভাৰত
এছিয়া পাৱাৰ ইনডেক্স, ১৬নং স্থানত প্রতিৱেশী ৰাষ্ট্র পাকিস্তান
সামৰিক শক্তিৰ দৌৰত বিশ্বৰ দেশসমূহৰ তালিকাত আৰু এঢ়াপ আগুৱালে ভাৰতে৷ অষ্ট্রেলিয়াৰ লোই ইনষ্টিটিউটৰ তৰফৰ পৰা প্রকাশ কৰা চলিত বর্ষৰ ‘এছিয়া পাৱাৰ ইনডেক্স–২০২৫’ৰ তালিকাত দেখা গৈছে শক্তিধৰ ৰাষ্ট্রসমূহৰ তালিকাত তৃতীয় স্থানলৈ উন্নীত হৈছে ভাৰত৷
এই তালিকাৰ মেজৰ পাৱাৰ শ্রেণীত অন্তর্ভুক্ত হৈছে ভাৰত৷ উল্লেখ্য যে কোনো দেশৰ সামৰিক ক্ষমতা, প্রতিৰক্ষা নেটৱর্ক, অর্থনৈতিক শক্তি, কূটনৈতিক প্রভাৱ, সংস্কৃতি তথা ভৱিষ্যৎ সম্পদৰ ওপৰত ভিত্তি কৰি এই তালিকা প্রস্তুত কৰা হয়৷
এছিয়া মহাদেশৰ নিজৰ সামৰিক শক্তি বৃদ্ধি পোৱা দেশসমূহকো অন্তর্ভুক্ত কৰা হৈছে এই তালিকাত৷ দেখা গৈছে এছিয়াৰ ভিতৰত ভাৰতৰ প্রভাৱ একেৰাহে ক্রমবর্ধমান হাৰত বৃদ্ধি পাইছে৷ ২০২৫ চনত এই তালিকাৰ শীর্ষস্থান লাভ কৰিছে চীনে৷ আমেৰিকাৰ পিছত ছুপাৰ পাৱাৰ হিচাপে দ্বিতীয় স্থানত আছে চীন৷
২০১৮ চনত এছিয়া পাৱাৰ ইনডেক্স আৰম্ভ হোৱাৰ পিছত স্ক’ৰৰ হিচাপত এইবাৰেই আটাইতকৈ তললৈ নামিছে আমেৰিকাৰ স্ক’ৰ৷ বিশ্লেষকসকলৰ অনুমান যে ড’নাল্ড ট্রাম্প ক্ষমতালৈ অহাৰ পিছত তেওঁ গ্রহণ কৰা নীতিসমূহৰ ফলতে এনে নেতিবাচক প্রভাৱ পৰিছে৷
চীনে একেৰাহে আমেৰিকাৰ সৈতে নিজৰ স্ক’ৰৰ ব্যৱধান কমাই আনিছে৷ ২০১৯ চনত এছিয়াত ৰাছিয়াই তেওঁলোকৰ অৱস্থান অধিক শক্তিশালী কৰে৷ কিন্তু ২০২৪ চনত ৰাছিয়াক পিছ পেলাই অষ্ট্রেলিয়াই ওপৰত স্থান লাভ কৰিলেও এইবাৰ ৰাছিয়াই পুনৰ পঞ্চম স্থানলৈ উঠিছে৷
নিজৰ শক্তি বৃদ্ধি কৰিছে জাপানেও৷ অষ্ট্রেলিয়াৰ লোই ইনষ্টিটিউটৰ তৰফৰ পৰা প্রকাশ কৰা চলিত বর্ষৰ ‘এছিয়া পাৱাৰ ইনডেক্স–২০২৫’ অনুসৰি ৰাষ্ট্রসমূহৰ স্থান এনেধৰণৰ– আমেৰিকা ৮০.৫ (ছুপাৰ পাৱাৰ), চীন ৭৩.৭ (ছুপাৰ পাৱাৰ), ভাৰত ৪০.০ (মেজৰ পাৱাৰ), জাপান– ৩৮.৮ (মিডিল পাৱাৰ), ৰাছিয়া ৩২.১ (মিডিল পাৱাৰ), অষ্ট্রেলিয়া ৩১.৮ (মিডিল পাৱাৰ), দক্ষিণ কোৰিয়া ৩১.৫ (মিডিল পাৱাৰ), ছিংগাপুৰ ২৬.৫ (মিডিল পাৱাৰ), ইণ্ডোনেছিয়া ২২.৫ (মিডিল পাৱাৰ) আৰু মালয়েছিয়া ২০.৬ (মিডিল পাৱাৰ)৷
ডিজিটেল ডেস্ক, ২৯ নৱেম্বৰ