ভাৰতে নির্মাণ কৰিব অত্যাধুনিক যুদ্ধ বিমানৰ ইঞ্জিন
🔹 প্রতিৰক্ষা খণ্ডক আত্মনির্ভৰশীল কৰাৰ আন এক পদক্ষেপ
নিউজ ডেস্ক, ১৯ জুলাই : মেক ইন ইণ্ডিয়াক প্রাধান্য দি প্রতিৰক্ষা খণ্ডক আত্মনির্ভৰশীল কৰি তোলাৰ আন এক পদক্ষেপ৷ দেশীয়ভাৱে নির্মিত মিছাইলেৰে পাকিস্তানক ত্রাহি মধুসূদন দেখুৱাই বিশ্ববাসীৰ দৃষ্টি আকর্ষণ কৰা ভাৰতে ফ্রান্সৰ সৈতে মিলি ৬১ কোটি টকা ব্যয়ৰ প্রকল্পৰে পৰৱর্তী প্রজন্মৰ যুদ্ধ বিমানৰ ইঞ্জিন নির্মাণ কৰিব৷
অপাৰেচন সিন্দূৰত দেশীয় প্রতিৰক্ষা সঁজুলিৰ সফলতাই ভাৰতক উজ্জীৱিত কৰি তোলাই নহয়, প্রতিৰক্ষা খণ্ডক আত্মনির্ভৰশীল কৰি তোলাৰ বাবে পদক্ষেপ গ্রহণ কৰিবলৈ উৎসাহী কৰি তুলিছে৷ প্রতিৰক্ষা মন্ত্রালয়ে প্রকাশ কৰা মতে, ফ্রান্সৰ কোম্পানী ছাফৰান আৰু গ্রেট ব্রিটেইনৰ ৰোলছ–ৰয়ছৰ সৈতে আলোচনা আৰু পর্যালোচনা কৰাৰ অন্তত ফ্রান্সৰ সৈতে ভাৰতে পৰৱর্তী প্রজন্মৰ যুদ্ধ বিমানৰ ইঞ্জিন বিকশিত কৰাৰ প্রকল্পত অনুমোদন জনায়৷ বিদেশত নির্মিত সামৰিক প্রযুক্তিৰ ওপৰত দীর্ঘদিন ধৰি নির্ভৰশীল হৈ থকা ভাৰতে শেহতীয়াকৈ দেশীয় সামৰিক প্রযুক্তিক বিকশিত কৰি তুলিবলৈ সক্ষম হৈছে৷ ফ্রান্সৰ সৈতে প্রকল্পটোত ভাৰতে নতুন ১২০–কিলোনিউটন (কেএন) ইঞ্জিনৰ ডিজাইনিং আৰু নির্মাণত প্রাধান্য দিব৷ এই শক্তিশালী ভৱিষ্যতৰ যুদ্ধ বিমান এডভাঞ্চ মেডিয়াম কমবেট এয়াৰ ক্রাফ্ট (এএমচিএ) ৰূপে বিবেচিত হ’ব৷
মন কৰিবলগীয়া যে ভাৰতৰ সম্প্রতি সকলো যুদ্ধ বিমানৰ ইঞ্জিন বিদেশত নির্মিত৷ ইয়াৰ পৰিপ্রেক্ষিতত প্রচুৰ ধন বিনিয়োগ কৰিবলগীয়া হৈছে৷ এই ধনত দীর্ঘদিনীয়া ব্যৱস্থাপনাৰ দিশটোও আছে৷ তথ্য মতে, কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে ফ্রান্সৰ সৈতে দেশীয়ভাৱে পৰৱর্তী প্রজন্মৰ যুদ্ধ বিমানৰ ইঞ্জিন নির্মাণৰ প্রকল্পক লৈ অতি উৎসাহী৷ যুদ্ধ বিমানৰ ইঞ্জিন বিকশিত কৰাটো সহজ লক্ষ্য নহয়৷ কিয়নো বিশ্বৰ মাত্র কেইখনমান দেশতহে এই ইঞ্জিন নির্মাণৰ প্রযুক্তি আছে৷ ভাৰতে পূর্বতে যুদ্ধ বিমানৰ ইঞ্জিন নির্মাণ কৰিবলৈ লক্ষ্য লৈছিল যদিও ব্যর্থ হৈছিল৷