নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰাগাৰত বন্দীৰ বাবে আইচক্রীম-ফুচকাৰ দৰে খাদ্য

বিশেষ বাৰ্তা, ২ ডিচেম্বৰ : কাৰাবন্দীৰ বাবে বিশেষ সুযোগ-সুবিধাৰ ব্যৱস্থা কৰিবলৈ বিচাৰিছে মহাৰাষ্ট্র চৰকাৰে৷ ফুচকাৰ পৰা আৰম্ভ কৰি আইচক্রীমসহ বিভিন্ন খাদ্যৰ ব্যৱস্থা থাকিব জে’লৰ কয়েদীসকলৰ বাবে৷ চুলিত ৰং কৰাৰ ব্যৱস্থাও থাকিব কাৰাগাৰৰ ভিতৰতে৷ শাস্তিপ্রাপ্ত অপৰাধীসকলৰ বাবে এই সুযোগ–সুবিধাৰ আয়োজন কিয়, তাক লৈ ইতিমধ্যে বিভিন্ন মহলত প্রশ্ণৰ অৱতাৰণা হৈছে৷ বহুতে দাবী কৰা অনুসৰি সাধাৰণ মানুহৰ কৰৰ টকাৰে কাৰাগাৰ এতিয়া পিকনিকস্থলী হৈ পৰিছে৷ কাৰাগাৰৰ ভিতৰতেই বিভিন্ন সামগ্রী ক্রয় কৰিব পাৰে কয়েদীসকলে৷ এইবাৰ কাৰাগাৰৰ ভিতৰত পোৱা যাব মুঠ ১৭৩বিধ সামগ্রী৷ এই তথ্য প্রকাশ হোৱাৰ লগে লগে বিভিন্ন মহলৰ চকু কপালত উঠিছে৷

You might also like