নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱাৰ হোটেলত উদ্ধাৰ নেপালৰ যুৱতী

বিশেষ বাৰ্তা, ২৮ মার্চ : সন্ধান পোৱা গ’ল গোৱাৰ পৰা নিখোজ হোৱা নেপালৰ মহিলাৰ৷ ৩৬ বছৰীয়া এই নেপালী যুৱতীৰ নাম আৰতি হামাল৷ সোমবাৰে নিশাৰ পৰা আৰতিৰ কোনো সন্ধান নাছিল৷ কালি উত্তৰ গোৱাৰ মান্দ্রেমৰ এখন হোটেলত সন্ধান পোৱা গৈছে আৰতিৰ৷ আৰতিৰ পিতৃ গোপাল হামাল নেপালৰ এজন মেয়ৰ৷ প্রথমতে পিতৃয়ে ফেচবুকত তেওঁৰ কন্যাৰ সন্ধান পোৱা বুলি কালি সদৰী কৰে৷ আৰক্ষী সূত্রই সদৰী কৰা মতে, যোৱা এমাহ ধৰি ধর্মগুৰু ওচোৰ অনুগামী আৰতি গোৱাত আছে৷ ওচো মেডিটেচন চেণ্টাৰৰ সৈতে জড়িত আৰতিক শাৰীৰিকভাৱে দুর্বল অৱস্থাত আৰক্ষীয়ে হোটেলখনৰ পৰা উদ্ধাৰ কৰিছে যদিও সবিশেষ তথ্য সদৰী কৰা নাই৷

You might also like