নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিদিনীয়া কাৰ্যসূচীৰে দ্বীপৰাষ্ট্ৰ ভানুৱাটু আৰু টুভালুলৈ মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা

ডিজিটেল ডেস্ক, ২০ এপ্ৰিল : কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই অহা ২২ৰ পৰা ২৫ এপ্ৰিললৈ চাৰিদিনীয়া চৰকাৰী কাৰ্যসূচীৰে ভানুৱাটু আৰু টুভালুলৈ যাত্ৰা কৰিব ।

এই ভ্ৰমণসূচীৰ অংশস্বৰূপে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ২২ আৰু ২৩ এপ্ৰিলত ভানুৱাটুত দেশখনৰ প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰীৰ সৈতে উচ্চস্তৰীয় দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰত চৰকাৰৰ সহযোগিতাত ভানুৱাটুত স্থাপন কৰা ‘তথ্য প্ৰযুক্তিৰ উৎকৰ্ষ কেন্দ্ৰ’ পৰিদৰ্শন কৰিব।

ভানুৱাটু ভ্ৰমণ সামৰি কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই ২৪ এপ্ৰিলত টুভালুত উপস্থিত হ’ব। টুভালুত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশখনৰ প্ৰধানমন্ত্ৰী, বৈদেশিক মন্ত্ৰী আৰু অন্যান্য উচ্চপদস্থ বিষয়ববীয়াসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে ভাৰতৰ অনুদান সাহায্য কাৰ্যসূচীৰ অধীনত দেশখনত ৰূপায়ণ হৈ থকা উন্নয়নমূলক প্ৰকল্পসমূহৰো পৰ্যালোচনা কৰিব।

উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ এই ভানুৱাটু আৰু টুভালু ভ্ৰমণে প্ৰশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্ৰসমূহৰ সৈতে ৰাজনৈতিক আৰু উন্নয়নমূলক সহযোগিতাৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত ভাৰতৰ গভীৰ দায়বদ্ধতাকেই প্ৰতিপন্ন কৰিছে। এই ভ্ৰমণ হৈছে ২০২৩ চনৰ মে’ মাহত প’ৰ্ট মৰেচবে’ত অনুষ্ঠিত ‘ফ’ৰাম ফ’ৰ ইণ্ডিয়া-পেচিফিক আইলেণ্ডছ ক’অপাৰেচন’ (FIPIC)ৰ ঐতিহাসিক তৃতীয় সন্মিলনৰ এক ধাৰাবাহিক প্ৰক্ৰিয়াৰ অংশ।

You might also like