নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্যমণি মোদী : জিনপিং–পুটিনৰ মহামিলনত শ’লঠেকত ট্রাম্পৰ আমেৰিকা

সমগ্র বিশ্বক আলোড়িত কৰি ভাৰত–চীন–ৰাছিয়াৰ বন্ধুত্ব

সমগ্র বিশ্বৰ বাবে আলোচনাৰ কেন্দ্রবিন্দু চীনৰ টিয়ানঝিন৷ টিয়ানঝিনত মিলিত হৈছে বিশ্বৰ তিনি বৃহৎ শক্তি৷ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী, ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্রপতি ঝি জিনপিং টিয়ানঝিনত আয়োজিত এছচিঅ’ সন্মিলনৰ সময়ত তিনিগৰাকী নেতাই পৃথকে পৃথকে মিলিত হ’লেও একেখন মঞ্চত মিলিত হোৱাক লৈ উদ্বিগ্ন মার্কিন যুক্তৰাষ্ট্র৷

ট্রাম্পৰ শুল্ক বোমাক লৈ বিশ্বৰ অধিকাংশ দেশ অসন্তুষ্ট হৈ থকাৰ সময়ত মার্কিন যুক্তৰাষ্ট্রক যেন প্রত্যাহ্বান জনাবলৈহে টিয়ানঝিনত মিলিত হ’ল মোদী–পুটিন আৰু জিনপিং৷ সমগ্র বিশ্বক আলোড়িত কৰা ভাৰত–চীন আৰু ৰাছিয়াৰ বন্ধুত্বই বিশ্বৰ সর্বশক্তিমান আমেৰিকাক শ’লঠেকত পেলাব পাৰে বুলিও চর্চিত হৈছে৷ এছচিঅ’ সন্মিলনৰ সময়ত প্রধানমন্ত্রী মোদীয়ে প্রথম পর্যায়ত চীনৰ ৰাষ্ট্রপতি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈ দুয়োখন দেশৰ বাণিজ্যিক সম্পর্কৰ পৰা প্রতিৰক্ষালৈকে বিভিন্ন বিষয়ত আলোচনা হোৱাৰ পাছত দ্বিতীয় পর্যায়ত ৰুছ ৰাষ্ট্রপতি পুটিনৰ সৈতে মিলিত হয় প্রধানমন্ত্রী মোদী৷

আমেৰিকাৰ প্রতিদ্বন্দ্বী ৰাষ্ট্র চীন আৰু ৰাছিয়াৰ সৈতে মিলিত প্রধানমন্ত্রী মোদীৰ নেতৃত্বক লৈও চর্চা চলিছে৷ মোদী মধ্যমণি হৈ তিনি শক্তিৰ মাজত চলা আলোচনাই বিশ্বৰ অর্থনৈতিক ক্ষেত্রখনত নতুনত্ব আনিব পাৰে বুলিও আলোড়ন হৈছে৷ চীনৰ ৰাষ্ট্রপতিৰ সৈতে মোদীৰ বার্তালাপে আমেৰিকাক উদ্বিগ্ণ কৰি তুলিছে৷ ইয়াৰ পাছতেই ৰুছ ৰাষ্ট্রপতিৰ সৈতে মোদীৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ পাছত আমেৰিকাই আৰোপিত শুল্কক লৈ নৰম স্থিতি গ্রহণ কৰাৰ ইংগিত দিছে৷ চীনৰ সৈতে প্রতিদ্বন্দ্বিতাত থকা মার্কিন যুক্তৰাষ্ট্রই ৰাছিয়াৰ পৰা তেল ক্রয় কৰাৰ বাবেই নতুন দিল্লীৰ ওপৰত আৰোপিত কৰে মার্কিন যুক্তৰাষ্ট্রৰ সৈতে অৱনমিত কৰাৰ ইংগিত দিয়াই নহয়, ইতিমধ্যে আমেৰিকাৰ পৰা আঁতৰি ভাৰতে চীনৰ সৈতে সম্পর্কৰ ইংগিত দিছে৷ চীনৰ সৈতে ভাৰতৰ সম্পর্ক গভীৰ হোৱাৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি মার্কিন চৰকাৰে দেশখনে আৰোপ কৰা শুল্ক পুনৰ মূল্যাংকনৰ ইংগিত দিছে৷

নতুন দিল্লীস্থিত আমেৰিকাৰ ৰাষ্ট্রদূতগৰাকীয়ে ভাৰত আৰু আমেৰিকাৰ ঐতিহাসিক সম্পর্কৰ কথা উল্লেখ কৰি নতুন দিল্লীৰ ওপৰত আৰোপ কৰা অতিৰিক্ত শুল্কৰ বোজা পুনৰ মূল্যাংকন কৰাৰ ইংগিত দিছে৷ ইপিনে, ৰুছ ৰাষ্ট্রপতিৰ সৈতে মোদীৰ দ্বিপাক্ষিক বৈঠকৰ পাছতেই উদ্বিগ্ণ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প৷ পুটিনৰ সৈতে মোদীৰ বার্তালাপৰ পাছত ট্রাম্পে প্রত্যক্ষভাৱে একো নক’লেও পৰোক্ষভাৱে সামাজিক মাধ্যমযোগে ভাৰতৰ সৈতে সম্পর্কক উল্লেখ কৰি তেওঁৰ দ্বাৰা আৰোপিত সিদ্ধান্ত একপক্ষীয় বিপর্যয় বুলি মন্তব্য কৰিছে৷ তিনিখন শক্তিশালী ৰাষ্ট্রৰ ওপৰত চাপ সৃষ্টি কৰা মার্কিন ৰাষ্ট্রপতি ট্রাম্পে টিয়ানঝিনত তিনি শক্তিৰ মুৰব্বী মিলিত হোৱাৰ পাছতে নিজেই একধৰণৰ চাপত পৰাৰ সন্মুখীন হৈছে৷

ৰুছ, চীন আৰু ভাৰত যদি একত্রিত হৈ আমেৰিকাৰ বিৰুদ্ধে থিয় দিয়ে, তেতিয়াহ’লে ট্রাম্পৰ বাবে ই এক কঠিন আৰু জটিল বিষয় হৈ উঠিব৷ ৰাছিয়াৰ পৰা তেল ক্রয় কৰা চীনৰ ওপৰত শুল্ক আৰোপ কৰি পাছলৈ ৰেহাই দিয়া ট্রাম্পে ভাৰতৰ ওপৰত শুল্ক দুগুণ আৰোপ কৰে৷ ইয়াক লৈ ভাৰত আমেৰিকাৰ ওপৰত ক্ষুণ্ণ হৈ থাকি ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পর্ক বর্তাই ৰাখে৷ ভাৰত, চীন আৰু ৰাছিয়াৰ মিলনে ট্রাম্পক শুল্কৰ ক্ষেত্রত শ’লঠেকত পেলোৱাটো নিশ্চিত বুলিয়েই ক’ব পাৰি৷ অৱশ্যে কূটনীতিৰ ক্ষেত্রত বিশ্বত চর্চিত আমেৰিকাই এই তিনি শক্তিৰ মিলনক কিদৰে প্রত্যাহ্বান জনায় সেয়া পৰৱর্তী সময়ত ওলাই পৰিব৷

Niyomiya Barta desk, 2 September

You might also like