ৰাতিটোৰ ভিতৰতে পদত্যাগ কৰিম… ঋণ প্রসংগত কংগ্রেছক মুখ্যমন্ত্রীৰ প্রত্যাহ্বান
উন্নয়নৰ স্বার্থত বিত্তীয় প্রতিষ্ঠানৰ পৰা ঋণ লৈ অহাৰ প্রসংগত ৰাজ্য চৰকাৰখনক কংগ্রেছে বাৰম্বাৰ কৰি অহা সমালোচনাৰ প্রত্যুত্তৰ দিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ শ্রীভূমিত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাৰ মন্তব্য– কোনখন কংগ্রেছী চৰকাৰে ঋণ লোৱা নাই তাৰ তালিকা দিয়ক৷ ৰাজ্যৰ প্রায় সকলো কংগ্রেছী চৰকাৰে ঋণ লৈ কাম কৰি আহিছে৷ তেলেংগানাই ঋণ লৈছেনে নাই? কর্ণাটকে লোন লৈছেনে নাই? কোনখন কংগ্রেছী চৰকাৰে ঋণ লোৱা নাই তাৰ লিষ্ট দিলে ৰাতিয়েই মই পদত্যাগ কৰিম৷
মুখ্যমন্ত্রীগৰাকীয়ে বৰাকৰ উন্নয়নৰ প্রসংগতো স্পষ্ট কৰে যে পূর্বে কোনো মুখ্যমন্ত্রী সঘনে এনেদৰে বৰাকলৈ অহা নাছিল৷ এয়াই নহয়, পূর্বে বৰাকত বর্তমান চৰকাৰে কৰা উন্নয়নমূলক কামৰ দৰে পূর্বে কেতিয়াও হোৱা নাছিল৷ ১০ বছৰ পূর্বে বৰাকৰ অৱস্থা কি আছিল? আগতে মুখ্যমন্ত্রী হিচাপে তৰুণ গগৈয়ে এনেদৰে বৰাকলৈ আহিছিলনে, হিতেশ্বৰ শইকীয়া আহিছিলনে, শৰৎ সিংহ, কোন আহিছিল? কিন্তু বৰাক আৰু ব্রহ্মপুত্রৰ মাজত থকা পার্থক্য আমাৰ দিনত সম্পূর্ণৰূপে নোহোৱা হৈ পৰিছে৷ মোৰ দিনত এতিয়া বৰাক–ব্রহ্মপুত্র বুলি নাই৷ সকলো অসম বুলি পৰিচিত৷ বৰাকৰ সকলো উন্নয়নমূলক কাম সোনকালে সম্পূর্ণ হ’ব৷
ইফালে, সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে পুনৰ বিজেপিৰ ন–পুৰণি বিষয়টোক নস্যাৎ কৰি কয়– বিজেপিত এতিয়া নতুন বুলি কোনো কথা নাই৷ পাথাৰকান্দিৰ বিধায়ক তথা মন্ত্রী কৃষ্ণেন্দু পাল বিজেপিত যোগদান কৰা ১২ বছৰ হ’ল৷ ১২ বছৰত বোৱাৰীও মাক হৈ পুৰণি হয়৷ আনহাতে, কমলাক্ষ দে’ক বিজেপিৰ প্রার্থিত্ব দিয়া হ’ব বুলি স্পষ্ট কৰি মুখ্যমন্ত্রীয়ে কয় – যি ঠাইত প্রার্থিত্ব দিয়াৰ পৰামর্শ আহে, সেই ঠাইতে প্রার্থিত্ব দিয়া হ’ব কমলাক্ষ দে’ পুৰকায়স্থক৷ উল্লেখ্য যে কংগ্রেছ এৰি বিজেপিত যোগদান কৰা কমলাক্ষ দে’ পুৰকায়স্থই দক্ষিণ কৰিমগঞ্জৰ পৰিৱর্তে আন সমষ্টিত প্রার্থিত্বৰ বাবে হেঁচা প্রদান কৰি আহিছে৷ দক্ষিণ কৰিমগঞ্জ সমষ্টিত পুনৰবাৰ বিজেপি প্রার্থী হিচাপে মিছন ৰঞ্জন দাস থিয় হোৱাৰ সম্ভাৱনা আছে৷ আজি মুখ্যমন্ত্রীয়ে কমলাক্ষ দে’ পুৰকায়স্থৰ প্রার্থিত্ব একপ্রকাৰ নিশ্চিত কৰিলেও কোন সমষ্টিত তেওঁ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব সেয়া কিন্তু নিশ্চিত নকৰিলে৷
Niyomiya Barta desk, 2 September