২০২৬ৰ ৫ মার্চত হ’ব অশান্তজৰ্জৰ নেপালৰ সাধাৰণ নির্বাচন
🔹 অন্তর্ৱর্তীকালীন চৰকাৰৰ দায়িত্ব লৈয়ে সুশীলা কার্কীৰ ঘোষণা
নিউজ ডেস্ক, ১৫ ছেপ্টেম্বৰ : বাংলাদেশৰ মহম্মদ ইউনুছে নোৱাৰা কাম কৰি দেখুৱাইছে নেপালৰ অন্তর্ৱর্তীকালীন চৰকাৰৰ মুৰব্বী সুশীলা কার্কীয়ে৷ দায়িত্ব গ্রহণৰ এদিন পিছতে প্রাক্তন মুখ্য ন্যায়াধীশ কার্কীয়ে দেশখনৰ সাধাৰণ নির্বাচন ২০২৬ চনৰ ৫ মার্চত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে৷
নেপালৰ ২৭৫গৰাকী বিধায়কক দুটা প্রক্রিয়াৰ মাজেৰে নির্বাচন কৰা হয়৷ ইয়াৰে ১৬৫গৰাকী বিধায়কক ফাষ্ট–পাষ্ট–দ্য–পোষ্ট (এফপিটিপি) আৰু ১১০গৰাকী বিধায়কক আনুপাতিক প্রতিনিধিত্বৰ দ্বাৰা নির্বাচিত কৰা হয়৷
উল্লেখ্য যে জেন জেড বিপ্লৱৰ পিছত যুৱপ্রজন্মই নির্বাচনৰ পোষকতা কৰিছিল৷ যুৱ কর্মীসকলে অন্তর্ৱর্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে কার্কীৰ নাম প্রস্তাৱ কৰে৷ এই প্রস্তাৱত সেনাপ্রধান জেনেৰেল অশোক ৰাজ ছিকডেল আৰু ৰামচন্দ্র পৌড়েলে অনুমোদন জনায়৷