নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হার্দিকৰ পক্ষত সৌৰভ গাংগুলী

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ এপ্ৰিলঃ বর্তমানৰ আইপিএলৰ আৰম্ভণিৰ পৰাই ক্রিকেট অনুৰাগীৰ লক্ষ্য হৈছে হার্দিক পাণ্ডিয়া৷ মুম্বাই ইণ্ডিয়ানছৰ নতুন অধিনায়কগৰাকীয়ে খেলপথাৰত প্রৱেশ কৰাৰ লগে লগে দর্শকৰ পৰা শুনিবলগীয়া হৈছে ঠাট্টা–মস্কৰা৷ দেওবাৰে হার্দিক বাহিনীৰ সৈতে মুখামুখি হ’ব দিল্লী কেপিটেলছ৷ এই মেচখনৰ প্রাকমুহূর্তত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হার্দিক পাণ্ডিয়াৰ কাষত থিয় দিলে দিল্লী কেপিটেলছৰ ক্রিকেট সঞ্চালক সৌৰভ গাংগুলী৷ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ’বলগীয়া মেচখনত হার্দিক পাণ্ডিয়াক ঠাট্টা নকৰিবলৈ মুম্বাই ক্রিকেটপ্রেমীক কাতৰ অনুৰোধ জনাইছে গাংগুলীয়ে৷ দর্শকে হার্দিকক গালি–গালাজ কৰা উচিত নহয়৷ মুম্বাই দলটো অধিনায়ক হিচাপে নিযুক্তি লাভ কৰাত হার্দিকৰ কোনো দোষ নাই৷ ফ্রেনচাইজীটোৱে ৰোহিত শর্মাৰ স্থানত হার্দিকক নিযুক্ত কৰিছে৷ গতিকে দর্শকে মিছায়েই দলটোৰ অধিনায়কগৰাকীক গালি–গালাজ কৰি আছে৷ আশা কৰোঁ, কাইলৈৰ মেচত দর্শকে হার্দিকক গালি–গালাজ কৰাৰ পৰা বিৰত থাকিব৷ গাংগুলীৰ উপৰি বহুকেইগৰাকী প্রাক্তন ক্রিকেটাৰেও অনুৰাগীৰ এই আচৰণৰ বিৰোধিতা কৰিছে৷ সঞ্জয় মঞ্জেৰকাৰ, মাইকেল ক্লার্ক, ৰবি শাস্ত্রী, বীৰেন্দ্র সেহৱাগকে ধৰি আন কেইবাজনো প্রাক্তন ক্রিকেটাৰে হার্দিকক দর্শকে ঠাট্টা–মস্কৰা কৰা কার্যত অসন্তুষ্টি প্রকাশ কৰিছে৷

You might also like