নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্নাওৰ ধর্ষিতাৰ ধন আত্মসাৎ মাতৃ–ভগ্নীৰ

🔹 বাহিৰ কৰি দিছে দিল্লীৰ বাসগৃহৰ পৰা : আৰক্ষীক অভিযোগ

বিশেষ বাৰ্তা, ৬ নৱেম্বৰ : উত্তৰ প্রদেশৰ উন্নাওৰ শিহৰণকাৰী ধর্ষণৰ বলি যুৱতীয়ে এইবাৰ নিজ মাতৃ আৰু ভগ্নীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে৷ উন্নাওৰ নির্যাতিতাই অভিযোগ কৰা অনুসৰি চৰকাৰ তথা স্বেচ্ছাসেৱী সংস্থাসমূহৰ পৰা লাভ কৰা আর্থিক সাহায্য কাঢ়ি লৈছে তেওঁৰ মাতৃ আৰু ভগ্নীয়ে৷ আনকি দিল্লীৰ বাসগৃহৰ পৰা বাহিৰ কৰি দিয়া হৈছে উন্নাওৰ এই নির্যাতিতাক৷ এই সমগ্র বিষয়টোৰ মাষ্টাৰমাইণ্ড হিচাপে আছে নির্যাতিতাৰ খুৰাক৷ গতিকে মাতৃ, ভগ্নীৰ স্বামী আৰু খুৰাকৰ বিৰুদ্ধে আৰক্ষীৰ দ্বাৰস্থ হৈছে নির্যাতিত মহিলাগৰাকী৷ ২০১৭ চনত উত্তৰ প্রদেশৰ উন্নাওৰ কাণ্ডৰ বীভৎসতাক লৈ কঁপি উঠিছিল সমগ্র দেশ৷ এই গোচৰত যাৱজ্জীৱন কাৰাবাস খাটিবলগীয়া হৈছে বিজেপি বিধায়ক কুলদীপ সিং ছেংগাৰে৷ আনকি নির্যাতিতাৰ খুৰাকো কাৰাবন্দী হ’বলগীয়া হৈছে৷ সেই সময়ত চৰকাৰ আৰু বহু স্বেচ্ছাসেৱী সংগঠনে সাহায্যৰ হাত আগবঢ়াইছিল নির্যাতিতাগৰাকীলৈ৷ আর্থিক সাহায্যৰ লগতে দিল্লীত এটা বাসগৃহৰো ব্যৱস্থা কৰি দিয়া হৈছিল নির্যাতিতাক৷ কিন্তু এতিয়া সকলো থাকিও সর্বস্বান্ত উন্নাওৰ নির্যাতিতা৷ বর্তমান উন্নাওৰ এই নির্যাতিতা বিবাহিত তথা অন্তঃসত্ত্বা৷ প্রয়োজনত আর্থিক সাহায্যৰ টকা ব্যৱহাৰ কৰিব পৰা নাই নির্যাতিতাগৰাকীয়ে৷ ২০১৭ চনত উন্নাওৰ নির্যাতিতা আছিল নাবালিকা৷ গতিকে আর্থিক সাহায্যৰ সম্পূর্ণ ধন পৰিয়ালৰ বেংক একাউণ্টত জমা হৈছিল৷ এতিয়া সেই ধন বিচৰাৰ লগে লগে মাতৃ–ভগ্নীয়ে কৈছে যে গোচৰ চলোৱাৰ বাবে খৰচ হৈছে সাত কোটি টকা৷ বিষয়টোক লৈ এতিয়া সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷

You might also like