নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সর্বকালৰ নিকৃষ্ট ৰাষ্ট্রপতি ট্রাম্প

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ আমেৰিকাত পূর্বৰ ৰাষ্ট্রপতিসকলে দায়িত্ব সামৰি হোৱাইট হাউছৰ পৰা বিদায় লোৱাৰ পিছত দেশবাসীৰ প্রশংসা লাভ কৰিবলৈ সক্ষম হৈছিল৷ বাৰাক অ’বামাই দুটা কার্যকালৰ পিছত হোৱাইট হাউছ এৰাৰ লগে লগে আমেৰিকাত অতি জনপ্রিয় নেতা হিচাপে পৰিচিত হৈছিল৷ অ’বামালৈ শুভেচ্ছা আৰু অভিনন্দন আহিছিল বিশ্ব নেতৃত্বৰ পৰা৷ কিন্তু ড’নাল্ড ট্রাম্পে ৰাষ্ট্রপতিৰ কার্যকালৰ অন্ত পেলাই হোৱাইট হাউছৰ পৰা বিদায় লোৱাৰ লগে লগে ট্রাম্পক বিভিন্ন মহলে সমালোচনা কৰিছে৷

আনকি ট্রাম্পে যাতে দ্বিতীয় কার্যকালৰ বাবে ৰাষ্ট্রপতি নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব নোৱাৰে, তাৰ প্রতি লক্ষ্য ৰাখি ছিনেটত মহাভিযোগ প্রক্রিয়া আৰম্ভ কৰিছে ডেম’ক্রেটিক নেতাসকলে৷ শেহতীয়াকৈ ট্রাম্পে ফ্ল’ৰিডাস্থিত মাৰ–এ–লাগ’ প্রাসাদত বসবাস কৰিবলৈ লৈছে৷ কিন্তু ট্রাম্পে মাৰ–এ–লাগ’ত প্রৱেশ কৰাৰ লগে লগে আকাশত এখন বিমানৰ পাছফালে দেখা গ’ল এক বেনাৰ৷

য’ত লিখা আছে ‘ট্রাম্প ৱর্ষ্ট প্রেছিডেণ্ট এভাৰ’৷ অর্থাৎ আমেৰিকাত আটাইতকৈ নিকৃষ্ট ৰাষ্ট্রপতি হিচাপে আখ্যা দিয়া হৈছে ট্রাম্পক৷ ছ’চিয়েল মিডিয়া টুইটাৰত এই বেনাৰ লগে লগে মুকলি হোৱাৰ পিছতেই সংবাদ পত্রসমূহত ব্যাপক চর্চা চলিছে৷

You might also like