নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডলাৰ নহয়, চীনৰ য়ুৱান হ’ব গোলকীয় মুদ্রা, ৰাষ্ট্রপতি জিনপিঙৰ দাবীত নিদ্রাহৰণ ট্রাম্পৰ

নিউজ ডেস্ক, ৩ ফেব্রুৱাৰী : বিশ্বৰ বজাৰত অন্ত পৰিবলৈ ধৰিছে মার্কিন ডলাৰৰ একাধিপত্য৷ এইবাৰ পোনপটীয়াকৈ এনে এটি বার্তা দিলে চীনৰ ৰাষ্ট্রপতি জি জিনপিঙে৷ তেওঁ দাবী কৰে যে মার্কিন ডলাৰ নহয়, এইবাৰ চীনা মুদ্রা য়ুৱান হৈ উঠিব গোলকীয় মুদ্রা৷ জিনপিঙৰ এনে এটি দাবী পোহৰলৈ অহাৰ পিছত স্বাভাৱিকতে চর্চা তুংগত উঠিছে কূটনৈতিক মহলত৷

কোৱা বাহুল্য যে চীনৰ এনে এটি দাবীয়ে নিদ্রাহৰণ কৰিছে মার্কিন যুক্তৰাষ্ট্রৰ৷ শেহতীয়াকৈ এটা ভাষণত চীনৰ ৰাষ্ট্রপতিগৰাকীয়ে কয়– ‘অর্থনৈতিকভাৱে মহাশক্তিধৰ হ’বলৈ গ’লে এনে এটা মুদ্রাৰ প্রয়োজন, যাৰ ওপৰত বিশ্বই ভৰসা ৰাখিব পাৰে আৰু সেই মুদ্রাৰ ব্যাপক ব্যৱহাৰ কৰিব পাৰে৷ চীনে এনে এটি শক্তিশালী মুদ্রাকে তৈয়াৰ কৰাৰ পৰিকল্পনা কৰিছে৷ এই মুদ্রা আন্তঃৰাষ্ট্রীয় বাণিজ্য, বিনিয়োগ আৰু বৈদেশিক মুদ্রাৰ বজাৰত ব্যাপকভাৱে ব্যৱহাৰ হ’ব পাৰে, যাক গ্ল’বেল ৰিজার্ভ হিচাপে ব্যৱহাৰ কৰা হয়৷’

জানিব পৰা মতে, ৰাষ্ট্রপতিগৰাকীৰ এই ভাষণ শনিবাৰে প্রকাশ কৰে চীনৰ কমিউনিষ্ট জার্নাল ‘কিউচি’য়ে৷ তাৎপর্যপূর্ণভাৱে জিনপিঙৰ এই বক্তব্যটো আছিল ২০২৪ বর্ষৰ৷ সেই ভাষণটোকে এতিয়া প্রকাশ কৰাৰ নেপথ্যত বৃহৎ কূটনৈতিক অংক আছে বুলি সচেতন মহলে ধাৰণা কৰিছে৷ তেওঁলোকৰ মতে যুদ্ধ আৰু শুল্কৰ হেঁচাৰে আমেৰিকাৰ দাদাগিৰি মাত্রাধিক হৈছে৷ আমেৰিকাৰ বিৰোধিতা কৰিলেই ডলাৰক অস্ত্র হিচাপে ব্যৱহাৰ কৰি নিষেধাজ্ঞা আৰোপ কৰাটো সাধাৰণ কথা হৈ পৰিছে৷ এনে পৰিপ্রেক্ষিতত চীনৰ এই মন্তব্য তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে৷

You might also like