নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বছৰত ৯ লাখ উপার্জন : বিশ্বৰ সমৃদ্ধিশালী ভিক্ষাৰী মুম্বাইৰ ভৰত

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ মাৰ্চঃ ব্যস্ততাপূর্ণ মুম্বাইৰ ছত্রপতি শিৱাজী টার্মিনাছত মলিন পোছাক পৰিধান কৰা মানুহগৰাকীক সঘনে দেখিবলৈ পোৱা যায়৷ দুই চকুত কৰুণ আর্তি আগবঢ়াই দিয়া হাতত ১০০-২০০ টকা পৰে৷ এই ধৰণে প্রতিদিনে ১০-১২ ঘণ্টা স্থান সলনি কৰি কৰি দুই-আঢ়ৈ হাজাৰ টকা উপার্জন কৰে৷ মাহত মুঠ উপার্জন হয় ৭৫ হাজাৰ টকা আৰু বছৰি ৯ লাখ৷ কিন্তু ছত্রপতি শিৱাজী টার্মিনাছত হাত আগবঢ়াই ধন লাভ কৰা মানুহগৰাকী কোনো কর্প’ৰেটৰ বিষয়া নহয়৷ এজন ভিক্ষাৰীহে৷ কোটিপতি ভিক্ষাৰী৷ মুম্বাইৰ পেৰলত আছে তেওঁৰ ডেৰ কোটি টকাৰ এটা ডুপ্লেক্স ফ্লেট৷ মুম্বাইত আছে দুখন দোকান৷ মাহত দোকান দুখনৰ পৰা আহে ৬০ হাজাৰ টকা৷ নাম ভৰত জৈন৷ শৈশৱৰ পৰা মুম্বাইৰ বহু অঞ্চলৰ পৰিচিত ভিক্ষাৰী ভৰত জৈন৷ অর্থৰ অভাৱত পঢ়া-শুনা একো কৰিব নোৱাৰিলে৷ বাধ্য হৈ ভিক্ষা বৃত্তি গ্রহণ কৰিলে৷ এই ভিক্ষা বৃত্তিৰে এতিয়া মুম্বাইত সম্পদশালী এগৰাকী ব্যক্তি ভৰত জৈন৷ পত্নী, পুত্র, কন্যা, পিতৃ আৰু ভাতৃক লৈ ভৰতৰ ভৰা সংসাৰ৷ আনকি সংবাদ মাধ্যমৰো শিৰোনাম দখল কৰিছে সম্পদশালী ভিক্ষাৰী ভৰতে৷

You might also like