কি উপহাৰেৰে ভাৰতীয় নৌসেনাক শক্তিশালী কৰিলে পুটিনে…
দ্বিপাক্ষিক বাণিজ্য–ইন্ধনৰ পৰা মহাকাশ গৱেষণালৈ৷ দুদিনীয়া নতুন দিল্লী ভ্রমণসূচীত অতি গুৰুত্বপূর্ণ এনে বিষয়ত ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ উপস্থিতিত ভাৰত–ৰাছিয়াৰ মাজত সম্পন্ন হ’ল একাধিক বুজাবুজিৰ চুক্তি৷
কিন্তু ইয়াৰ মাজতে চর্চালৈ আহিছে আমেৰিকাৰ ৰঙাচকুলৈ ভ্রূক্ষেপ নকৰি দুই বন্ধু ৰাষ্ট্রই প্রতিৰক্ষা খণ্ডত উপনীত হোৱা সহমতে৷ এই সন্দর্ভত ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি বৃহস্পতিবাৰে নতুন দিল্লীত উপস্থিত হোৱা ৰুছ ৰাষ্ট্রপতি পুটিনে ভাৰতীয় নৌসেনা বাহিনীৰ হাত শক্তিশালী কৰি আগবঢ়াইছে এক উপহাৰ৷ সেয়া হৈছে এক ৰুছ ব্রহ্মাস্ত্র– ‘৩এম–১৪ই কেলিবাৰ’ ক্রুজ ক্ষেপণাস্ত্র৷
অত্যাধুনিক এই ব্রহ্মাস্ত্র ভাৰতৰ অস্ত্রাগাৰত অচিৰেই অন্তর্ভুক্ত হোৱাৰ কথা৷ এই ক্রুজ ক্ষেপণাস্ত্রৰ সহায়ত সমুদ্রপৃষ্ঠৰ পৰা যিকোনো শত্রু দেশৰ উপকূলৰ ১,৫০০ কিলোমিটাৰ অন্তর্ভাগত আঘাত হানিবলৈ সক্ষম হ’ব ভাৰতীয় নৌসেনাই৷ যিয়ে কার্যতঃ নিদ্রাহৰণ কৰিছে ভাৰত ভূমিৰ প্রতি চিৰন্তন আগ্রাসী মনোভাব পোষণ কৰি অহা ৰঙা চীনৰ লগতে চিৰবৈৰী ৰাষ্ট্র পাকিস্তানৰ৷ মস্কোৰ তৰফৰ পৰা দাবী কৰা অনুসৰি ছাবমেৰিনৰ নক্সাৰ সৈতে সংপৃক্ত হৈ থাকিবলগীয়া এই ব্রহ্মাস্ত্র যিকোনো মুহূর্ততে লক্ষ্যস্থানত আঘাত হানিব পৰাকৈ সক্ষম৷
মন কৰিবলগীয়া যে ৰুছ লেণ্ড এটাক ক্রুজ ক্ষেপণাস্ত্রবিধৰ ৰপ্তানিৰ এটা ভার্ছনো ৰুছ বিজ্ঞানীয়ে প্রস্তুত কৰি উলিয়াইছে, যাৰ নাম ‘৩এম–১৪ই কেলিবাৰ পিএল’৷ উল্লেখ্য যে চলিত বর্ষৰ আৰম্ভণিতে মস্কো ভ্রমণ কৰিছিল ভাৰতীয় নৌসেনা বাহিনীৰ এটা শীর্ষ পর্যায়ৰ বিষয়াৰ দলে৷ তেতিয়াই ৰাছিয়াৰ পৰা ভাৰতলৈ এই অত্যাধুনিক ক্রুজ ক্ষেপণাস্ত্রবিদ আমদানি কৰাক লৈ দুয়োখন ৰাষ্ট্রৰ মাজত আলোচনা হৈছিল৷
সমান্তৰালভাৱে প্রতিৰক্ষা সম্পর্কীয় সা–সৰঞ্জাম আমদানি আৰু ৰপ্তানি সন্দর্ভত ৰুছ ৰাষ্ট্রীয়কৃত মধ্যস্থতাকাৰী সংস্থা ‘ৰছ’বৰ’নেক্সপ’ট’ৰ সৈতেও ভাৰতীয় নৌসেনা বাহিনীৰ শীর্ষ বিষয়াবর্গই বৈঠকত মিলিত হয়৷ সেই বৈঠকতে উপস্থিত আছিল ৰাছিয়াৰ অত্যাধুনিক ক্রুজ ক্ষেপণাস্ত্রটোৰ নির্মাণকাৰী সংস্থা নভাট’ৰ ডিজাইল ব্যুৰ’ৰ কর্তৃপক্ষ৷ অৱশ্যে তেতিয়া ভাৰতলৈ ‘৩এম–১৪ই কেলিবাৰ’ আমদানি সন্দর্ভত চূড়ান্ত সিদ্ধান্ত হোৱা নাছিল৷
কিন্তু ৰুছ ৰাষ্ট্রপতি পুটিনৰ দুদিনীয়া ভাৰত ভ্রমণসূচীয়ে এই বিষয়টোক ইতিবাচক গতি দিয়ে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ১৯৯৪ চনৰ পৰাই এই অত্যাধুনিক ক্রুজ ক্ষেপণাস্ত্র ব্যৱহাৰ কৰি আহিছে ৰুছ নৌসেনা বাহিনীয়ে৷ ছিৰিয়াৰ যুদ্ধৰ পৰা আৰম্ভ কৰি ইউক্রেইনৰ শেহতীয়া সমৰলৈকে নিজৰ ক্ষমতা প্রদর্শন কৰিছে ‘৩এম–১৪ই কেলিবাৰ’–এ৷ তথ্য অনুসৰি এই অত্যাধুনিক ব্রহ্মাস্ত্রৰ ওজন হৈছে ১,৩০০ৰ পৰা ২,৩০০ কিলোগ্রাম পর্যন্ত৷ ৬.২–৮.৯ মিটাৰ দৈর্ঘ্যৰ ক্রুজ ক্ষেপণাস্ত্রটোৱে ৫০০ কিলোগ্রাম পর্যন্ত বিস্ফোৰক কঢ়িয়াই নির্দিষ্ট লক্ষ্যত নিখুঁতভাৱে আঘাত কৰিবলৈ সক্ষম৷
আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে আক্রমণৰ সময়ত ই সর্বোচ্চ সময়তকৈও তিনিগুণ গতিত এই ব্রহ্মাস্ত্রই আঘাত হানিব পাৰে৷ মন কৰিবলগীয়া যে ভাৰত–ৰাছিয়াৰ মাজত ইতিমধ্যে সম্পন্ন হৈছে এখন গুৰুত্বপূর্ণ সামৰিক চুক্তি৷ যাৰ নাম ৰেছিপ্র’কেল এক্সেঞ্জেছ অৱ ল’জিষ্টিক ছাপ’ট, চমুকৈ ৰে’লছ৷ যাৰ জৰিয়তে মস্কোৰ সামৰিক ঘাটি ব্যৱহাৰৰ অনুমতি লাভ কৰিছে নতুন দিল্লীয়ে৷ আনকি ৰাছিয়াৰ ভূমিত যুদ্ধজাহাজ, ছাবমেৰিন আৰু জেড বিমান মোতায়েন কৰিবলৈও এতিয়াৰে পৰা সক্ষম ভাৰত৷
সমান্তৰালভাৱে ৰাছিয়াৰ পৰা ভাৰতে লাভ কৰিব ল’জিষ্টিক ছাপ’ট৷ এক কথাত ক’বলৈ গ’লে ইন্ধন, অস্ত্র–শস্ত্র, ৰচদপাতি বা যুদ্ধজাহাজ–জেড বিমানৰ মেৰামতিসহ আনুষংগিক সুযোগ–সুবিধাসমূহো লাভৰ পথ প্রশস্ত হৈছে ভাৰতীয় সেনাবাহিনীৰ পক্ষে৷ তথ্য অনুসৰি উক্ত সামৰিক বুজাবুজিকে ধৰি ৰাষ্ট্রপতি পুটিনৰ দুদিনীয়া ভ্রমণসূচীৰ সময়ছোৱাত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত ভাৰত–ৰাছিয়াৰ মাজত মুঠ ১৬খন চুক্তি সম্পাদন হয়৷
ডিজিটেল ডেস্ক, ৬ ডিচেম্বৰ