৬টা ভাৰতীয় কোম্পানীৰ বিৰুদ্ধে নিষেধাজ্ঞা ৰাষ্ট্রপতি ট্রাম্পৰ
🔹 ইৰানৰ পৰা তেল ক্রয় কৰাটো অপৰাধ
🔹 ‘বন্ধু ৰাষ্ট্র’ ভাৰতৰ ওপৰত শুল্ক লগাই পাকিস্তানৰে বাণিজ্যিক চুক্তি আমেৰিকাৰ
নিউজ ডেস্ক, ১ আগষ্ট : শেহতীয়া কেতবোৰ কাম–কাজে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ পাকিস্তানপ্রীতি স্পষ্ট কৰিছে৷ ভাৰতে বন্ধু ৰাষ্ট্র বুলি ভাবি থকা আমেৰিকাই বৈৰী ৰাষ্ট্রখনৰ সৈতে দ্বিপাক্ষিক বাণিজ্য চুক্তি স্বাক্ষৰ কৰা বুলি স্পষ্টভাৱে ঘোষণা কৰিছে৷ তদুপৰি ট্রাম্প প্রশাসনে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথাও প্রকাশ কৰাতেই ক্ষান্ত নাথাকি ইৰানৰ পৰা তেল ক্রয় কৰাটো অপৰাধ বুলি দাবী কৰি ৬টা ভাৰতীয় কোম্পানীৰ বিৰুদ্ধে নিষেধাজ্ঞাও আৰোপ কৰিছে৷
হোৱাইট হাউছৰ সূত্রই ভাৰতীয় কোম্পানীসমূহে আমেৰিকাৰ পাৰমাণৱিক চুক্তি গ্রহণ নকৰা ইৰানৰ সৈতে ব্যৱসায় অব্যাহত ৰখাৰ বাবেই এনে সিদ্ধান্ত লোৱা বুলি সদৰী কৰিছে৷ আমেৰিকাৰ বিদেশ মন্ত্রালয়ৰ সূত্রৰ বিবৃতিত কোৱা হৈছে যে ইৰানৰ শাসনে মধ্যপ্রাচ্যৰ সংঘাতত ইন্ধন যোগাইছে৷ অস্থিৰতা সৃষ্টিৰ বাবে দেশখনে মধ্যপ্রাচ্যৰ সংঘাতজর্জৰ দেশসমূহক আর্থিক সাহায্য আগবঢ়াইছে৷ আমেৰিকাই গ্রহণ কৰা এই সিদ্ধান্তৰ মূলতে ইৰানৰ অর্থনৈতিক শক্তি হ্রাস কৰা৷ দেশখনৰ বাণিজ্যত আঘাত হানিবলৈ চেষ্টা কৰি ট্রাম্প প্রশাসনে ভাৰতৰ ৬টা কোম্পানীসহ বিশ্বৰ ২০টা কোম্পানীক ইৰানৰ পৰা পেট্র’ল আৰু পেট্র’লিয়ামজাত সামগ্রী ক্রয় কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে৷
ইফালে, ১ আগষ্টৰ পৰা ট্রাম্প প্রশাসনে ভাৰতৰ ওপৰত আৰোপ কৰা নতুন শুল্ক হাৰ কার্যকৰী হ’ব৷ ছ’চিয়েল মিডিয়াযোগে ট্রাম্পে ঘোষণা কৰে যে ভাৰতে ৰাছিয়াৰ পৰা সস্তীয়া তেল ক্রয় কৰাৰ বাবে এই অতিৰিক্ত শুল্কক শাস্তি হিচাপে বিবেচনা কৰিব লাগিব৷ তেওঁ লগতে কয়– ভাৰত যদিও আমাৰ বন্ধু, আমাৰ দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য অতি কম৷ কিয়নো, তেওঁলোকৰ শুল্কৰ হাৰ অতি বেছি৷ তদুপৰি ভাৰতে অধিকাংশ অস্ত্র ৰাছিয়াৰ পৰা ক্রয় কৰে৷ ইফালে, এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি ভাৰত চৰকাৰে জাতীয় স্বার্থ ৰক্ষাৰ বাবে প্রয়োজনীয় সকলো পদক্ষেপ গ্রহণ কৰিব বুলি কয়৷ ভাৰতৰ ওপৰত অত্যধিক শুল্ক আৰোপ কৰা ট্রাম্পে পাকিস্তানৰ সৈতে বাণিজ্যিক চুক্তি সম্পন্ন কৰা বুলি ছ’চিয়েল মিডিয়াযোগে স্পষ্ট কৰি কয়– আমি পাকিস্তানৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছোঁ৷ দুয়োখন দেশে একেলগে কাম কৰি পাকিস্তানত থকা বিশাল তেল মজুতৰ বিকাশ ঘটাম৷ অৱশ্যে দেশখনত কোনে তেল উৎপাদন কৰিব, সেই সন্দর্ভত সিদ্ধান্ত ল’ব ৱাশ্বিংটনে৷ তেওঁ আনকি ইছলামাবাদে এদিন ভাৰতক তেল বিক্রী কৰিব বুলিও ব্যক্ত কৰে৷
প্রসংগক্রমে উল্লেখযোগ্য যে শেহতীয়াকৈ ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তিৰ বাবে দুই দেশৰ প্রতিনিধিৰ মাজত ব্যাপক আলোচনা চলি আহিছে৷ আমেৰিকাই বাণিজ্য চুক্তি সমাপ্ত কৰিবলৈ ভাৰতক ১ আগষ্টৰ সময়সীমা বান্ধি দিছিল৷ কিন্তু বিভিন্ন জটিলতাৰ বাবে দুয়োখন দেশৰ মাজত এতিয়াও চুক্তিত উপনীত হ’ব পৰা নাই৷ ইয়াৰ মাজতে পাকিস্তানৰ সৈতে আমেৰিকাই স্বাক্ষৰ কৰা বাণিজ্য চুক্তিয়ে বিশেষ তাৎপর্য বহন কৰিছে৷