নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিটমেন অনুৰাগীৰ বাবে দুখবৰ : আইপিএলৰ প্ৰতিখন মেচ নেখেলে ৰোহিতে

বিশেষ বাৰ্তা, ২৯ মার্চঃ বিচিচিআইৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা আইপিএললৈ মাজতে মাথোঁ এটা দিন৷ ৩১ মার্চৰ পৰা আই পি এলৰ ষষ্ঠদশ সংস্কৰণ৷ প্রতিযোগিতাখনৰ বাবে সাজু হৈছে সকলো৷ অৱশ্যে শুকুৰবাৰৰ পৰা আৰম্ভ হ’বলগীয়া প্রতিযোগিতাখনৰ আটাইকেইখন মেচত দেখা নাযাব মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শর্মাক৷ ভাৰতীয় দলৰ আগন্তুক ব্যস্ত সূচীৰ প্রতি লক্ষ্য ৰাখিয়েই ৰোহিত শর্মাই আসন্ন আই পি এলৰ প্রতিখন মেচত ভাগ লোৱাৰ পৰা বিৰত থাকিব৷ এখন দৈনিক ইংৰাজী কাকতত প্রকাশিত বাতৰি মতে হিটমেন ৰোহিত শর্মাই কামৰ বোজা হ্রাস কৰাৰ বাবে আই পি এলৰ আটাইকেইখন মেচত অংশ নলয়৷ ৰোহিতৰ অনুপস্থিতিত উক্ত মেচকেইখনত সূর্য কুমাৰ যাদৱে মুম্বাই ইণ্ডিয়ানছক নেতৃত্ব দিয়াৰ পূর্ণ সম্ভাৱনা আছে৷ ৰোহিত শর্মাই নিজৰ ইচ্ছা মতে আই পি এলৰ মেচত জিৰণি লোৱাৰ সিদ্ধান্ত গ্রহণ কৰিব বুলি বাতৰিটোত লগতে সদৰী৷ অৱশ্যে মেচত ভাগ নল’লেও দলটোৰ সৈতে থাকিব হিটমেনে৷ উল্লেখ্য যে আই পি এলৰ পিছতে আন্তর্জাতিক ক্রিকেটত ভাৰতৰ ব্যস্ত সূচী আৰম্ভ হ’ব৷ আই পি এল সামৰণিৰ কিছুদিন পিছতে অনুষ্ঠিত হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচ৷ উল্লেখ্য যে মুম্বাই ইণ্ডিয়ানছে ২ এপ্রিলত ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ বিপক্ষে খেলি চলিত বর্ষৰ আই পি এলত অভিযান আৰম্ভ কৰিব৷

You might also like