নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপি মহিলা মৰ্চাৰ উদ্যোগত লতাশিল খেলপথাৰত বয়ন প্ৰশিক্ষণৰ কৰ্মশালা

বিশেষ বাৰ্তা, ২৯ মাৰ্চঃ : বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাৰ নেতৃত্বত চাৰি দিনীয়া কাৰ্যসূচীৰে ৩০ মাৰ্চৰ পৰা ২ এপ্ৰিললৈ লতাশিল খেলপথাৰত বয়ন প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হৈছে। নৱপ্ৰজন্মক বয়ন শিল্পৰ লগত একাত্ম কৰাৰ উদ্দেশ্যৰে এই প্ৰচেষ্টা গ্ৰহণ কৰিছে মহিলা মৰ্চাই । প্ৰথমবাৰৰ বাবে লতাশিলত অনুষ্ঠিত হব এই বয়ন প্ৰশিক্ষণ কৰ্মশালা, য’ত ২০খন তাঁতশাল আৰু ২৫গৰাকী শিপিনী থাকিব। এই প্ৰশিক্ষণত গামোচা কেনেকৈ বয়, শিপিনীসকলে তাঁতশালত কেনেকৈ কাম কৰে, সেই বিষয়ত আভাস দিয়া হব। এই প্ৰশিক্ষণৰ সময়ছোৱাত ৪ দিনত ২০০খন গামোচা তৈয়াৰ কৰি উলিওৱাৰ চিন্তা-চৰ্চা কৰা হৈছে। ৩০ মাৰ্চৰ পুৱা কৰ্মশালা উদ্বোধন কৰিব পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই। লগতে উপস্থিত থাকিব বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা। ৰাজ্য চৰকাৰে অসমৰ শিপিনীসকলৰ বাবে বহুত চিন্তা কৰিছে। স্বনিৰ্ভৰ মহিলা আঁচনিৰ জৰিয়তে শিপিনীসকলে সকাহ পাইছে বুলি সংবাদ মেলত উল্লেখ কৰে ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই। এই কৰ্মশালাত গুৱাহাটীৰ আশেপাশে থকা বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব। গামোচা বিতৰ্ক সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত গামোচাখনক লৈ আমাৰ সকলোৰে চিন্তা এক হোৱা উচিত বুলি উল্লেখ কৰে আঙুৰলতা ডেকাই। বজাৰত পাৱাৰলুমৰ গামোচা সন্দৰ্ভত আঙুৰলতা ডেকাই কয় যে এনে ধৰণৰ কাম এদিনতে বন্ধ কৰিব পৰা নাযায়, প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে, সেই প্ৰচেষ্টাত আমি  সকলোৱে আগ ভাগ লোৱা উচিত।
You might also like