নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইচিচি টেষ্ট ৰেংকিঙৰ শীৰ্ষ-৫ত জয়ছোৱাল, শীৰ্ষত ৰুট

আইচিচি টেষ্ট ৰেংকিং : আইচিচিৰ টেষ্ট বেটিং ৰেংকিঙত যথেষ্ট ডাঙৰ পৰিৱৰ্তন দেখা গৈছে। ইংলেণ্ডৰ জো ৰুটে পুনৰ এবাৰ শীৰ্ষ স্থান দখল কৰিছে। তেওঁৰ লগতে হেৰী ব্ৰুক, কেন উইলিয়ামছন, যশস্বী জয়ছোৱাল আৰু ষ্টিভ স্মিথেও শীৰ্ষ ৫ত নিজৰ স্থান অটুট ৰাখিবলৈ সক্ষম হৈছে। ভাৰতৰ উদীয়মান বেটছমেন যশস্বী জয়ছোৱালে এই তালিকাত প্ৰথমবাৰ স্থান লাভ কৰিছে। এই শীৰ্ষ ৫জন বেটছমেনৰ প্ৰদৰ্শন এনেধৰণৰ-

জো ৰুট

ইংলেণ্ডৰ অভিজ্ঞ বেটছমেন জো ৰুটে আকৌ এবাৰ প্ৰমাণ কৰিছে যে টেষ্ট ক্ৰিকেটত তেওঁৰ শ্ৰেণী ভিন্ন। ৮৮৯ ৰেটিং পইণ্টসহ তেওঁ আইচিচি ৰেংকিঙৰ শীৰ্ষস্থানত উঠি আহিছে। ২০২৪ চনত পাকিস্তানৰ বিৰুদ্ধে মূলতান টেষ্টত তেওঁৰ উজ্জ্বল প্ৰদৰ্শনে এই স্থানত তুলিছে। তেওঁৰ টেকনিক আৰু অভিজ্ঞতাই তেওঁক সদায় বিশ্বমানৰ বেটছমেনৰ ভিতৰত ৰাখিছে। বৰ্তমানে ৰুটে ইংলেণ্ডৰ এজবাষ্টনত ভাৰতৰ বিৰুদ্ধে পাঁচখনীয়া টেষ্ট ছিৰিজ খেলি আছে।

হেৰী ব্ৰুক

সম্প্ৰতি ভাৰতৰ বিৰুদ্ধে চলি থকা পাঁচখনীয়া ছিৰিজত চমৎকাৰ প্ৰদৰ্শন দৰ্শাই ইংলেণ্ডৰ উদীয়মান বেটছমেন হেৰী ব্ৰুকে সকলোৰে মনোযোগ আকৰ্ষণ কৰিছে। ৮৭৪ ৰেটিং পইণ্টসহ তেওঁ দ্বিতীয় স্থানত আহিছে। ২০২৪ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে ৱেলিংটনত অনুষ্ঠিত টেষ্ট খেলখনত তেওঁ দৰ্শনীয় বেটিং কৰিছিল। তেওঁ ইংলেণ্ডৰ টেষ্ট বেটিঙক এটা নতুন দিশ দিছে।

কেন উইলিয়ামছন

নিউজিলেণ্ডৰ ভৰসাযোগ্য বেটসমেন কেন উইলিয়ামছন ৮৬৭ ৰেটিং পইণ্টসহ তৃতীয় স্থানত আছে। ২০২১ চনত পাকিস্তানৰ বিৰুদ্ধে ক্রাইষ্টচাৰ্চ টেষ্টত তেওঁৰ ৯১৯ ৰেটিং পইণ্ট আছিল যিটো তেওঁৰ কেৰিয়াৰৰ সৰ্বোচ্চ। শান্ত স্বভাৱ আৰু টেকনিকেল মজবুতিতাই তেওঁক শীৰ্ষস্থানত ৰাখিছে।

যশস্বী জয়ছোৱাল

ভাৰতৰ উদীয়মান বেটসমেন যশস্বী জয়ছোৱালে ইতিহাস সৃষ্টি কৰি প্ৰথমবাৰ টেষ্ট বেটিং ৰেংকিঙৰ শীৰ্ষ ৫ত প্ৰৱেশ কৰিছে। ৮৫১ ৰেটিং পইণ্টসহ তেওঁ চতুৰ্থ স্থানত আছে। ২০২৪ চনৰ মেলবর্ণ টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁৰ দৰ্শনীয় প্ৰদৰ্শন আৰু ৮৫৪ ৰেটিং পইণ্টে এই স্থান লাভ কৰাইছে। ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা ছিৰিজতো তেওঁ এটি শতিকাৰ মাৰফৎ নিজকে প্ৰমাণ কৰিছে। তেওঁ দেখুৱাইছে যে তেওঁ ভাৰতৰ টেষ্ট বেটিঙত দীঘল ইনিংছ খেলিব পৰা সক্ষম খেলুৱৈ।

ষ্টিভ স্মিথ

অষ্ট্ৰেলিয়াৰ অভিজ্ঞ বেটছমেন ষ্টিভ স্মিথ ৮১৬ ৰেটিং পইণ্টসহ পঞ্চম স্থানত আছে। যদিও তেওঁৰ কেৰিয়াৰ সৰ্বোচ্চ ৰেটিং আছিল ৯৪৭, যিটো ২০১৮ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ডাৰবনত খেলি লাভ কৰিছিল। ৰেটিং অলপ হ্ৰাস পাইলেও তেওঁ এতিয়াও শীৰ্ষ ৫ত আছে। তেওঁৰ অভিজ্ঞতা আৰু শ্ৰেণীয়ে তেওঁক এতিয়াও বিশ্বৰ সৰ্বশ্ৰেষ্ঠ টেষ্ট বেটসমেনসকলৰ ভিতৰত ৰাখিছে।

Niyomiya Barta Desk, Date of Published, 5 July

You might also like