নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু–কাশ্মীৰৰ পৰিস্থিতিক লৈ গৃহমন্ত্রী অমিত শ্বাহৰ সংবাদ মেল

বিশেষ বাৰ্তা, ১৩ জানুৱাৰীঃ জম্মু–কাশ্মীৰৰ নিৰাপত্তাজনিত পৰিস্থিতিক লৈ উচ্চ পর্যায়ৰ বৈঠকত মিলিত হয় কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ জম্মু–কাশ্মীৰৰ ৰাজোৰিত অলপতে হিন্দু লোকক বাসগৃহত নির্মমভাৱে সন্ত্রাসবাদীয়ে গুলীয়াই হত্যা কৰাৰ লৈ সৃষ্ট নিৰাপত্তাজনিত পৰিস্থিতিক লৈ আজি গৃহমন্ত্রী শ্বাহে উচ্চস্তৰীয় পর্যালোচনা বৈঠকত মিলিত হোৱাৰ পিছত এক সংবাদমেল সম্বোধন কৰে৷ জম্মুত উচ্চস্তৰীয় বৈঠকৰ অন্তত সংবাদমেলত গৃহমন্ত্রী শ্বাহে কয়– প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধীনত সন্ত্রাসবাদৰ বিৰুদ্ধে গ্রহণ কৰা শূন্য সহনশীলতা নীতিক অনুকৰণ কৰি সন্ত্রাসবাদৰ বিৰুদ্ধে নির্ণায়ক যুঁজখনত সকলো নিৰাপত্তাবাহিনী অৱতীর্ণ হৈ আছে৷ সন্ত্রাসবাদী কার্যকলাপত দোষী সকলক শীঘ্রে শাস্তি প্রদান কৰা হ’ব৷ ৰাজোৰিত সন্ত্রাসবাদীৰ হাতত নিহত হোৱা পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰি প্রতিকূল বতৰৰ বাবে তেওঁলোকৰ বাসগৃহলৈ যাব নোৱাৰাৰ বাবে দুখ প্রকাশ কৰি গৃহমন্ত্রী শ্বাহে কয় যে টেলিফোনযোগে নিহতৰ পৰিয়ালৰ সৈতে তেওঁ বার্তালাপ কৰিছে আৰু তেওঁলোকক দুখৰ সমভাগী হ’বলৈ চেষ্টা কৰিছে৷ প্রধানমন্ত্রী মোদী নেতৃত্বাধীন চৰকাৰে নিহতৰ পৰিয়ালৰ সৈতে থকা বুলি উল্লেখ কৰি গৃহমন্ত্রী শ্বাহে কয় যে সন্ত্রাসবাদীৰ হাতত নিহত পৰিয়ালক চৰকাৰে সহমর্মিতাৰে পূর্ণ সহায় কৰিব৷ চৰকাৰৰ বিভিন্ন আঁচনিৰ দ্বাৰা ক্ষতিগ্রস্ত পৰিয়ালৰ লোকক লাভান্বিত কৰা হ’ব৷ কেন্দ্রীয়শাসিত অঞ্চলটোৰ উপ ৰাজ্যপালৰ দ্বাৰা সকলো সম্ভাব্য সহায়–সমর্থন আগবঢ়াব৷ ৰাজোৰিৰ ঘটনাটি ‘নিয়া’ আৰু জম্মু–কাশ্মীৰ আৰক্ষীৰ দ্বাৰা যুটীয়াভাৱে অনুসন্ধান চলাব বুলি স্পষ্ট কৰি দি গৃহমন্ত্রী শ্বাহে কয় যে বিগত ডেৰ বছৰে অঞ্চলটোত সংঘটিত সকলো সন্ত্রাসবাদী কার্যকলাপ ‘নিয়া’ আৰু জম্মু আৰক্ষীৰ দ্বাৰা যুটীয়াভাৱে তদন্ত কৰা হ’ব৷ সন্ত্রাসবাদক সমর্থন আৰু তথ্য যোগান ধৰা ব্যৱস্থাক সম্পূর্ণৰূপে নির্মূল কৰিবলৈ সমগ্র নিৰাপত্তা ব্যৱস্থাক শক্তিশালী কৰা হ’ব বুলি উল্লেখ কৰি গৃহমন্ত্রী শ্বাহে কয় যে জম্মু–কাশ্মীৰত সন্ত্রাসবাদৰ আৰম্ভণিৰ পিছত তুলনামূলকভাৱে শেহতীয়াভাৱে সন্ত্রাসবাদী কার্যকলাপ আৰু নিহতৰ সংখ্যা হ্রাস পাইছে৷ তিনি মাহৰ ভিতৰত জম্মুৰ প্রতিটো অঞ্চলত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰা হ’ব বুলিও প্রতিশ্রুতি দি গৃহমন্ত্রী শ্বাহে কয় যে তেওঁ সমগ্র জম্মুবাসীক আশ্বাস দিছে যে সন্ত্রাসবাদী সংগঠনৰ দ্বাৰা আহিব পৰা সকলো শংকা দূৰ কৰিবলৈ নিৰাপত্তাবাহিনী সাজু হৈ আছে৷ উল্লেখ্য যে জম্মুত উচ্চস্তৰীয় নিৰাপত্তাজনিত পর্যালোচনা বৈঠকত উপ ৰাজ্যপাল মনোজ সিনহা, কেন্দ্রীয় গৃহ সচিব, জম্মু–কাশ্মীৰৰ মুখ্য সচিব, জম্মু–কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্রধান, সেনাৰ নর্দান কমাণ্ডৰ কমাণ্ডাৰ, চোৰাংচোৱা সংস্থা, বিএছএফ আৰু চিআৰপিএফৰ শীর্ষ বিষয়াকে ধৰি আন নিৰাপত্তা সংস্থাৰ বিষয়াসকল উপস্থিত থাকে৷

You might also like